নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ধুবুৰীৰ পৰা পুনৰ উজনিমুৱা যাত্ৰা আৰম্ভ প্ৰমোদতৰী এম ভি গংগা-বিলাসৰ

 

নিয়মীয়া বাৰ্তা, ১৮ ফেব্ৰুৱাৰী:  বাৰাণসীৰ পৰা ডিব্ৰুগড়লৈ অভিমুখে যাত্ৰা কৰা এম ভি গংগা-বিলাস নামৰ বিলাসী প্ৰমোদতৰীখন আজি দুপৰীয়া বৰলুইতেৰে পুনৰ আৰম্ভ কৰিছে উজনিমুৱা যাত্ৰা। স্মৰ্তব্য যে, যোৱাকালি বিয়লি ৪ মান বজাত পৰ্য্যটকসহ প্ৰমোদতৰীখন বাংলাদেশৰ চিলমাৰী হৈ বৰলুইতেৰে উপস্থিত হৈছিল ধুবুৰীত। অৱশ্যে বৰলুইতৰ জলস্তৰ কম থকা বাবে প্ৰমোদতৰীখন পাৰঘাটৰ কিছু আঁতৰত লংগৰ কৰাৰ পিছত তাৰ পৰা আভ্যন্তৰিণ জল পৰিবহন বিভাগৰ এম ভি প্ৰতিমা নামৰ অইন এখন জলযানেৰে পৰ্য্যটকসকলক অনা হৈছিল পাৰলৈ।জাহাজখনৰ মুঠ ২৮ গৰাকী জাৰ্মান আৰু ছুইডিছ পৰ্য্যটকক আদৰণি জনাবলৈ যোৱাকালি জাহাজঘাটত উপস্থিত আছিল অসম চৰকাৰৰ জনস্বাস্থ্য কাৰিকৰী, দক্ষতা, নিয়োগ আৰু উদ্যমিতা আৰু পৰ্যটন বিভাগৰ মন্ত্ৰী তথা ধুবুৰী জিলাৰ অভিভাৱক মন্ত্ৰী জয়ন্ত মল্লবৰুৱাই। যোৱাকালিয়েই ধুবুৰী চহৰৰ পঞ্চুঘাটস্থিত ভাৰতীয় অন্তৰ্দেশীয় জলমাৰ্গৰ জাহাজঘাটতেই পৰ্য্যটক আৰু এম ভি গংগা-বিলাসৰ কৰ্মচাৰীসকলৰ অভিবাসনৰ কাম-কাজখিনি সম্পন্ন কৰা হৈছিল।

যোৱানিশা তেওঁলোকে অহা জাহাজখনতেই ৰাত্ৰিযাপন কৰাৰ পিছত আজি পুৱা তিনিখনকৈ ট্ৰেভেলাৰ বাহনেৰে উপস্থিত হৈছিল ধুবুৰীৰ গৌৰীপুৰৰ সমীপৰ টেৰাকোটা গাওঁ খ্যাত আশাৰীকান্দি গাঁৱত। গাঁওখনত টেৰাকোটা শিল্পীৰ হাতৰ পৰশত প্ৰাণ পাই উঠা শিল্পকৰ্মই অভিভূত কৰি তোলা দেখা গৈছিল তেওঁলোকক। বহু উৎসুকতাৰে টেৰাকোটা শিল্পৰ বিষয়ে জানিবলৈ শিল্পীসকলৰ সৈতে মত বিনিময় কৰিছিল তেওঁলোক। গাওঁখনত এই প্ৰতিবেদকৰে হোৱা এক কথাবতৰাত ধুবুৰীলৈ আহি পোৱাৰ পিছত পোৱা আতিথেয়তাক লৈ আপ্লুত হৈ পৰা বুলি মনৰ ভাব ব্যক্ত কৰিছিল এগৰাকী চুইডিছ পৰ্য্যটকে। টেৰাকোটাক এক অদ্বিতীয় শিল্প বুলিও অভিহিত কৰিছিলে তেওঁ। আন এগৰাকী বিদেশী পৰ্য্যটকে “নিয়মীয়া বাৰ্তা”ৰ সন্মুখত এই অঞ্চলৰ ক’লা-কৃষ্টিক এটা প্ৰজন্মৰ পৰা অইন এটা প্ৰজন্ম লৈ গৈ যুগমীয়া কৰাৰ যি প্ৰচেষ্টা সেয়া শলাবলগীয়া বুলিও এক তাৎপৰ্যপূৰ্ণ মন্তব্যও কৰে। আশাৰিকান্দীৰ পৰা পোনে পোনে আহি ধুবুৰীৰ ঐতিহ্যমণ্ডিত ‘”শ্ৰী গুৰু টেগ বাহাদুৰ চাহিব গুৰুদ্বাৰা’’ দৰ্শন কৰে তেওঁলোক। গুৰুদ্বাৰা কৰ্তৃপক্ষই শিখসকলৰ পাৰম্পৰিক প্ৰথাৰে অভ্যৰ্থনা জনায় তেওঁলোকক। পৰ্য্যটকসকলে গুৰুদ্বাৰাটোৰ দীঘলীয়া, সমৃদ্ধিশালী ইতিহাসক লৈও আগ্ৰহ প্ৰকাশ কৰা পোৱা যায়।

তাৰপিছত কাষতে থকা তেতুলতলাত প্ৰাক স্বাধীনোত্তৰ যুগত ব্ৰিটিছে স্থাপন কৰা দূৰ্মূল্য শ্বেত মাৰ্বল পাথৰেৰে নিৰ্মিত ৰাণী ভিক্টোৰিয়াই পূৰ্ণ অবয়বৰ প্ৰতিমূৰ্তিটো পৰিদৰ্শন কৰে তেওঁলোক। তাৰে পৰা পোনে পোনে ধুবুৰীৰ পঞ্চুঘাটৰ ভাৰতীয় অন্তৰ্দেশীয় জলমাৰ্গৰ জাহাজঘাটলৈ আহে আৰু অইন এখন জলযানেৰে পাৰৰ কিছু আঁতৰত ৰৈ থকা এম ভি গংগা-বিলাসলৈ উভতি যায়। পৰ্য্যটকসকলৰ পৰৱৰ্তী গন্তব্যস্থান হ’ল গোৱালপাৰাৰ পঞ্চৰত্ন।

উল্লেখ্য যে, বিগত ১৩ জানুৱাৰীৰ দিনা দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ভাৰ্চুৱেল মাধ্যমেৰে আনুষ্ঠানিক ভাৱে উদ্বোধন কৰিছিল বিশ্বৰ দীৰ্ঘতম নদী ক্ৰুজ ৰূপে আখ্যায়িত এম ভি গংগা-বিলাসৰ। বাৰাণসীৰ পৰা ডিব্ৰুগড় অভিমুখী সেই যাত্ৰাৰ ৩৫ সংখ্যক দিনটোত যোৱাকালি প্ৰমোদতৰীখন উপস্থিত হৈছিল অসমৰ ধুবুৰীত। উল্লেখ্য যে, দেশৰ পৰ্যটন ক্ষেত্ৰখনত নতুন দিগন্ত ৰচনা কৰি বাৰাণসীৰ পৰা যাত্ৰা কৰা সেই প্ৰমোদতৰীখনে ভাৰত আৰু চুবুৰীয়া বাংলাদেশৰ সৰ্বমুঠ ২৭ খনকৈ নদী প্ৰণালীৰে ৩,২০০ কিলোমিটাৰৰ দৈৰ্ঘ্যৰ নদী পথ অতিক্ৰমি অহা ১ মাৰ্চৰ দিনা ৫১ দিনীয়া যাত্ৰাৰ সমাপ্তি ঘটাই উপস্থিত হ’ব ডিব্ৰুগড়ত। উল্লেখ্য যে, ‘মেক ইন ইণ্ডিয়া’ প্রকল্প অনুসৰি ৬২ মিটাৰ দৈর্ঘ্যৰ এই জাহাজখন ৬৮ কোটি টকা খৰচ কৰি সম্পূর্ণৰূপে ভাৰততে নির্মাণ কৰা হৈছে। সকলো ধৰণৰ আধুনিক সা-সুবিধা থকা তিনিটা ডেকৰ জাহাজখনত ১৮টা ছুটত ৩৬ জন পর্যটক থকাৰ ব্যৱস্থা আছে। জানিব পৰা মতে, বিলাসী এই প্ৰমোদতৰীখনৰ ২০২৪ চনৰ মার্চলৈকে সম্পূর্ণ আৰু অহা পাঁচ বছৰলৈ ৬০ শতাংশতকৈ অধিক বুকিং ইতিমধ্যে হৈ গৈছে। এনে প্ৰেক্ষাপটত অসমৰ নদী পর্যটনৰ ক্ষেত্রখনৰ আগত সময় অধিক প্ৰসাৰ ঘটিব বুলি আশা কৰা হৈছে।

অমিতাভ চক্ৰৱৰ্তী

You might also like