নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মহা শিৱৰাত্ৰি উপলক্ষে লোকাৰণ্য হৈ পৰিল পুৰণিগুদামৰ মহা মৃত্যুঞ্জয় মন্দিৰ

নিয়মীয়া বাৰ্তা, ১৮ ফেব্ৰুৱাৰী:   নগাঁও জিলাৰ পুৰণিগুদাম ভেৰভেৰিৰ নৰসিংহ ক্ষেত্ৰত থকা বিশ্বৰ সৰ্ববৃহৎ মহা মৃত্যুঞ্জয় মন্দিৰত  শিৱৰাত্ৰী উপলক্ষে পুৱাৰে পৰা ভক্তৰ লানি নিছিগা সোঁত বয়। ভক্তসকলে নিজৰ মনোকামনা পুৰণৰ বাবে হাতে ,হাতে ধূপ,দীপ নৈবদ্য, লৈ পুৱাৰে পৰা শাৰি পাতি থাকে। অসমৰ বিভিন্ন প্ৰান্তৰ পৰা আহি মন্দিৰ স্থলীত উপস্থিত হোৱা ভক্তসকলে বহু সময় ধৰি লাইন পাতি থকাৰ পিছতহে মন্দিৰত প্ৰবেশ কৰাৰ সুবিধা লাভ কৰে। মন্দিৰ পৰিচালনা সমিতিয়ে ভক্তসকলৰ সুবিধাৰ বাবে সকলো প্ৰচেষ্টা অব্যাহত ৰাখিছে।

 

ইফালে শিৱৰাত্ৰী উপলক্ষে মন্দিৰৰ কাষতে শিৱৰাত্ৰী মেলাৰ আয়োজন কৰিছে আৰু এই মেলাতো বিপুল সমাগম দেখা গৈছে।উল্লেখ যে আচাৰ্য বাবা ভৃগুগিৰি মহাৰাজে নিজৰ সাধনাৰ বলত নৰসিংহ ক্ষেত্ৰৰ এই ভূমি আবিস্কাৰ কৰিছিল যি ভূমিত দৈত্য গুৰু শুক্ৰাচাৰ্যই মহা মৃত্যুঞ্জই যজ্ঞ কৰিছিল। এই যজ্ঞ কৰা ভূমি আবিস্কাৰ কৰি বাবা ভৃগুগিৰি মহাৰাজে ২০০৩ চনত স্থানীয় ৰাইজৰ সহযোগত ৫১ কুণ্ডৰ মহা মৃত্যুঞ্জয় যজ্ঞ কৰিছিল।এই যজ্ঞ কৰাৰ পিছৰে পৰা পূণ্য ভূমিলৈ ৰূপান্তৰ হোৱা নৰসিংহ ক্ষেত্ৰত অস্থায়ী ভাৱে মন্দিৰ স্থাপন কৰি মৃত্যুঞ্জয় সাধনা কৰা হৈছিল। এই স্থনতে স্থায়ী মন্দিৰ নিৰ্মাণৰ বাবে ২০১০ চনৰ পৰা কাম আৰম্ভ কৰা হৈছিল। এই কাম ২০২১ চনত সম্পূৰ্ণ হোৱাৰ পিছত মাঘী পূণিমাত প্ৰাণ প্ৰতিষ্ঠা কৰা হৈছিল। তেতিয়াৰে পৰা মৃত্যুঞ্জই চৰণত আশীষ লবলৈ দৈনিক দূৰ দূৰণীৰ হাজাৰ হাজাৰ ভক্তই মন্দিৰ প্ৰাংগণত ভিৰ কৰেহে।আজি শিৱৰাত্ৰী উপলক্ষে পুৱাৰে পৰা আন দিনৰ তুলনাত ভক্তৰ উপস্থিতি বৃদ্ধি পায়।পৰ্যটক তথা ভক্তপ্ৰাণ ৰাইজৰ আকৰ্ষণৰ কেন্দ্ৰ বিন্দু হিছাপে পৰিছিত বিশ্বৰ সৰ্ববৃহৎ ১২৬ উচ্চতাৰ মহা মৃত্যুঞ্জয় মন্দিৰে সমগ্ৰ অসমৰ পৰ্যটন ক্ষেত্ৰ খনলৈ আন এক আশাৰ বৰ্তা কঢ়িয়াই আনিছে।
You might also like