নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

নৱেম্বৰতে গৃহমন্ত্রী অমিত শ্বাহৰ মণিপুৰ ভ্রমণ

নগা সমস্যা সন্দর্ভত দল–নাগৰিকৰে আলোচনা

নিয়মীয়া বাৰ্তা, ১৫ নবেম্বৰঃ নগা সমস্যা সমাধানৰ ক্ষেত্রত সৃষ্টি হৈ থকা জটিলতা দূৰ কৰাৰ লক্ষ্যৰে চলিত মাহতে মণিপুৰত উপস্থিত হ’ব কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহ৷ ৰাজ্যখনৰ মুখ্যমন্ত্রী এন বীৰেন সিঙে প্রকাশ কৰা মতে, নগা শান্তি চুক্তি অনুসৰি এন এছ চি এনৰ সৈতে চলি থকা আলোচনাত মণিপুৰৰ বহু ভূখণ্ড নাগালিমত অন্তর্ভুক্ত কৰাৰ ক্ষেত্রত যি দাবী উত্থাপন হৈছে, সেই সন্দর্ভত মণিপুৰৰ ৰাজনৈতিক দল, সংগঠন, বিশিষ্ট ব্যক্তিৰ সৈতে এই ভ্রমণকালতে আলোচনাত বহিব কেন্দ্রীয় গৃহমন্ত্রীগৰাকী৷

উল্লেখ্য যে বৃহত্তৰ নাগালিম গঠনৰ ক্ষেত্রত এন এছ চি এন (আই–এম)–এ মণিপুৰৰ নগা অধ্যুষিত এলেকাসমূহক নাগালিমত অন্তর্ভুক্ত কৰাৰ বাবে কেন্দ্রীয় চৰকাৰৰ ওচৰত দাবী উত্থাপন কৰি আহিছে৷ ইয়াৰ বিপৰীতে মণিপুৰত ৰাজ্যখনৰ কোনো ভূখণ্ড নাগালিমত অন্তর্ভুক্ত হ’বলৈ দিয়া নহ’ব বুলি স্পষ্ট কৰি দিছে৷ একমাত্র মণিপুৰেই নহয়, অৰুণাচল আৰু অসমৰ নগা অধ্যুষিত এলেকা অন্তর্ভুক্তিৰ বাবেও এন এছ চি এনে দাবী উত্থাপন কৰি আহিছে৷ ইয়াকে লৈ চুবুৰীয়া ৰাজ্যসমূহে কৰি অহা তুমুল প্রতিবাদৰ পৰিপ্রেক্ষিতত বিষয়টো সন্দর্ভত আলোচনাৰ বাবে অমিত শ্বাহ মণিপুৰত উপস্থিত হ’ব৷

উল্লেখ্য যে চলিত বর্ষতে নগা সমস্যাৰ এক ইতিবাচক সমাধান দিয়াৰ বাবে কেন্দ্রীয় চৰকাৰে তৎপৰতা আৰম্ভ কৰিছে৷ এইক্ষেত্রত দেখা দিয়া সমস্যাসমূহ আঁতৰ কৰাৰ বাবে কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহে নিজেই বিশেষভাৱে আগভাগ লৈছে৷ উল্লেখ্য যে মণিপুৰ, অৰুণাচল আৰু অসমত যিহেতু বিজেপি নেতৃত্বাধীন ৰাজ্য চৰকাৰ আছে, সেয়ে নগা সমস্যা সমাধানৰ ক্ষেত্রত কেন্দ্রীয় গৃহমন্ত্রীগৰাকীয়ে কিদৰে সংশ্লিষ্ট ৰাজ্য চৰকাৰকেইখনক সৈমান কৰিব, সেয়া হ’ব মন কৰিবলগীয়া৷

You might also like