নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

এটা ৰাজনৈতিক ধমকিতে ভাৰত জিন্দাবাদো দিব, মিঞা মিউজিয়ামো বন্ধ হ’ব

নিয়মীয়া বাৰ্তা, ১৫ নবেম্বৰঃ ৰাজ্যৰ ৰাজনীতিত শেহতীয়াকৈ বিতর্ক সৃষ্টি কৰি থকা মিঞা মিউজিয়াম আৰু এ আই ইউ ডি এফৰ সমর্থকৰ পাকিস্তান জিন্দাবাদ ধ্বনিক লৈ পুনৰ সৰৱ হ’ল বিত্ত, স্বাস্থ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মা৷

বাইহাটা চাৰিআলিৰ এক ক্রীড়া ক্ষেত্রৰ আধাৰশিলা স্থাপন কৰি মন্ত্রীগৰাকীয়ে কয়– আজমলে যে ভাৰত জিন্দাবাদ দিয়ে সেয়া সঁচা৷ কিন্তু পাকিস্তান বা বাংলাদেশ মুর্দাবাদ দিয়ে জানো? এটা ৰাজনৈতিক ধমকিতে অসম জিন্দাবাদো ক’ব, ভাৰত জিন্দাবাদো ক’ব আৰু মিঞা মিউজিয়ামো নোহোৱা হ’ব৷ উল্লেখ্য যে বাইহাটা চাৰিআলি অঞ্চলৰ এক দীর্ঘদিনীয়া অভাৱ মোচন কৰি  দেউদুৱাৰত ১০ বিঘা ভূমিক সামৰি ক্রীড়া ক্ষেত্রখনৰ আধাৰশিলা স্থাপন কৰে মন্ত্রী ড০ শর্মাই৷

সাংবাদিকৰ সৈতে হোৱা বার্তালাপত শেহতীয়াকৈ কলাক্ষেত্রক লক্ষ্য কৰি বদৰুদ্দিন আজমলে কৰা মন্তব্যৰ প্রতিক্রিয়া প্রকাশ কৰি তেওঁ কয়– শংকৰদেৱ কলাক্ষেত্রত অসমীয়া সংস্কৃতিক আঘাত কৰা কার্য আমি কৰিবলৈ নিদিওঁ৷ অসমৰ হিন্দু–মুছলমানৰ সংস্কৃতিৰ ভিন্নতা নাই৷ কিছুমানৰ লগত আমাৰ সংস্কৃতি নিমিলে৷ আজমলে ভাৰত জিন্দাবাদ ধ্বনি দিলেও পাকিস্তান–বাংলাদেশ মুর্দাবাদ ধ্বনি নিদিয়ে৷ আমিহে তেওঁৰ মুখেৰে জিন্দাবাদ ধ্বনি উলিয়াইছোঁ৷ মন কৰিবলগীয়া যে বাইহাটা চাৰিআলিৰ অন্তর্গত দেউদুৱাৰ আলিপুৰৰ ৩১নং ৰাষ্ট্রীয় ঘাইপথৰ দাঁতিত অসম চৰকাৰৰ ৰাজহ বিভাগে আবণ্টন দিয়া ১০ বিঘা ভূমিত এখন পূর্ণাংগ ক্রীড়া ক্ষেত্রৰ আধাৰশিলা স্থাপন কৰি মন্ত্রীগৰাকীয়ে কয় যে এই ক্রীড়া ক্ষেত্রই অঞ্চলটোৰ এক দীর্ঘদিনীয়া অভাৱ পূৰণ কৰিব৷ চৰকাৰে এইক্ষেত্রত দ্রুত উন্নয়নৰ আঁচনিৰে অঞ্চলটোৰ মানচিত্র সলনি কৰি পেলাব৷

বাইহাটা চাৰিআলি সমন্বয় ক্রীড়া ক্ষেত্রৰ অহোপুৰুষার্থত গঢ় লৈ উঠা এই খেলপথাৰৰ আধাৰশিলা স্থাপন উপলক্ষে আয়োজন কৰা সভাখনত উপস্থিত থাকে কমলপুৰ সমষ্টিৰ বিধায়ক সত্যজিৎ কলিতা, মঙলদৈ লোকসভা সমষ্টিৰ প্রাক্তন সাংসদ ৰমেন ডেকা, কমলপুৰ সমষ্টিৰ প্রাক্তন বিধায়ক যাদৱ ডেকা সমন্বিতে কেইবাগৰাকীও বিশিষ্ট ব্যক্তি তথা সমাজকর্মী৷ বাইহাটা চাৰিআলি সমন্বয় ক্রীড়া ক্ষেত্রৰ সভাপতি ছহিদুল ইছলাম, সাধাৰণ সম্পাদকদ্বয় বিপিন চন্দ্র ডেকা আৰু আতোৱাৰ ৰহমানৰ লগতে কেইবাজনো বিশিষ্ট ব্যক্তি সভাখনত উপস্থিত থাকে৷ কমলপুৰ সমষ্টিৰ বিধায়ক সত্যব্রত কলিতাই এই ক্রীড়া ক্ষেত্রৰ আধাৰশিলা স্থাপনে বৃহত্তৰ বাইহাটা চাৰিআলি অঞ্চলৰ এক দীর্ঘদিনীয়া অভাৱ পূৰণ কৰিব বুলি মত ব্যক্ত কৰে৷

You might also like