নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

পুনৰ ক’ভিডত আক্ৰান্ত মেঘালয়ৰ মুখ্যমন্ত্ৰী কনৰাড চাংমা

নিয়মীয়া বাৰ্তা, ২১ জানুৱাৰীঃ পুনৰ ক’ভিডত আক্ৰান্ত হৈছে মেঘালয়ৰ মুখ্যমন্ত্ৰী কনৰাড চাংমা। শুকুৰবাৰে টুইটাৰযোগে ক’ভিড সংক্ৰমণৰ কথা অৱগত কৰে মেঘালয়ৰ মুখ্যমন্ত্ৰী কনৰাড চাংমাই।

টুইটত মুখ্যমন্ত্ৰীগৰাকীয়ে জনোৱা মতে তেওঁৰ দেহত সামান্য লক্ষ্যণে দেখা দিছে আৰু তেওঁ বৰ্তমান হোম আইচলেছনত আছে। ইপিনে বিগত সময়ছোৱাত তেওঁৰ সংস্পৰ্শলৈ অহা লোকসকলক ক’ভিড টেষ্ট কৰাৰ উপৰিও সাৱধানতা অৱলম্বন কৰিবলৈ আহ্বান জনাইছে।

মনকৰিবলগীয়া যে বিগত ২০২০ৰ ১১ ডিচেম্বৰত মুখ্যমন্ত্ৰী কনৰাড চাংমা ক’ভিডত আক্ৰান্ত হৈছিল।

উল্লেখ্য যে মেঘালয়ৰ মুখ্যমন্ত্ৰী কনৰাড চাংমাই বৃহস্পতিবাৰে অসমৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ সৈতে দিল্লীত গৃহমন্ত্ৰী অমিত শ্বাহক সাক্ষাৎ কৰিছিল। বৃহস্পতিবাৰে সন্ধিয়াৰ ভাগত অমিত শ্বাহৰ বাসগৃহত এই সাক্ষাতকালত দুয়োগৰাকী মুখ্যমন্ত্ৰীয়ে সীমা সমস্যাৰ সমাধান সূত্ৰৰ প্ৰতিবেদন দাখিল কৰে।

You might also like