তামিলনাডুত থালাপতি বিজয় নেতৃত্বাধীন টিভিকেই চৰকাৰ গঠনৰ পথ প্ৰায় স্পষ্ট হৈ উঠিছে। শনিবাৰে ভিচিকেয়ে TVKক সমৰ্থন জনোৱাৰ সিদ্ধান্ত গ্ৰহণ কৰাৰ পিছতে ৰাজ্যখনৰ ৰাজনীতিত নতুন সমীকৰণ গঢ় লৈ উঠিছে।
ইতিমধ্যে বিজয়ৰ দলৰ সমৰ্থনত ১১৬জন বিধায়ক আছিল। আনহাতে IUML-এও TVKক সমৰ্থন জনোৱাত সমৰ্থনকাৰী বিধায়কৰ সংখ্যা বৃদ্ধি পাই ১২০লৈ উন্নীত হৈছে।
শনিবাৰে সন্ধিয়া অনুষ্ঠিত VCKৰ এক গুৰুত্বপূর্ণ বৈঠকত TVKক সমৰ্থন জনোৱাৰ বিষয়ে আলোচনা কৰা হয় আৰু শেষত বিজয়ক সমৰ্থন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হয়। উল্লেখযোগ্য যে VCKয়ে কোনো ধৰণৰ চৰ্ত নাৰাখাকৈ TVKক সমৰ্থন আগবঢ়াইছে। ফলত, ৰাজ্যখনৰ পৰৱৰ্তী মুখ্যমন্ত্ৰী হিচাপে বিজয়ৰ নাম প্ৰায় নিশ্চিত বুলি ধৰা হৈছে।
৪ মে’ত ঘোষণা হোৱা বিধানসভা নিৰ্বাচনৰ ফলাফলে সমগ্ৰ তামিলনাডুত চাঞ্চল্য সৃষ্টি কৰিছিল। TVKয়ে ডিএমকে আৰু এআইএডিএমকেক পিছ পেলাই ৰাজ্যখনৰ আটাইতকৈ ডাঙৰ দল হিচাপে আত্মপ্ৰকাশ কৰে। যদিও দলটোৱে ১০৮খন আসন লাভ কৰি সংখ্যাগৰিষ্ঠতাৰ পৰা ১০খন আসন পিছ পৰি আছিল।
ইয়াৰ পিছতে কংগ্ৰেছৰ ৫জন বিধায়কে TVKক সমৰ্থন জনায়। লগতে চিপিআই আৰু চিপিআইএৰ দুজনকৈ বিধায়কে সমৰ্থন আগবঢ়োৱাত সংখ্যা ১১৬লৈ বৃদ্ধি পাইছিল। এতিয়া VCK আৰু IUMLৰ সমৰ্থনে বিজয় চৰকাৰ গঠনৰ পথ সম্পূৰ্ণ মুকলি কৰি তুলিছে।
TVKয়ে সমৰ্থন জনোৱা সকলো দললৈ কৃতজ্ঞতা জ্ঞাপন কৰিছে। দলীয় নেতা এগৰাকীয়ে কয় যে, “এতিয়া বিজয় চৰকাৰ গঠনৰ বাবে সম্পূৰ্ণ সাজু।”
ডিজিটেল ডেস্ক, ৯ মে’