উত্তপ্ত অসম-মেঘালয় সীমান্ত, অসমীয়া মহিলাক আক্ৰমণ মেঘালয়ৰ মহিলাৰ
পুনৰ উত্তপ্ত হৈ পৰিছে অসম–মেঘালয় সীমান্ত। অহৰহ উত্তেজনাপূৰ্ণ পৰিস্থিতিৰ মাজতেই বশিষ্ঠ–পিলিংকাটাৰ সীমান্তত নিশা একাংশ মেঘালয়বাসী মহিলাই অসমীয়া মহিলাৰ ওপৰত আক্ৰমণ কৰাৰ ঘটনা পোহৰলৈ আহিছে।
সূত্ৰ মতে, মেঘালয়ৰ ভূভাগত স্থাপিত এখন ফলকৰ লিখনি কোনোবাই ঢাকি দিছিল। ফলকৰ লিখনি মচি দিয়া ঘটনাক কেন্দ্র কৰি স্থানীয় মেঘালয়ৰ মহিলা ক্ষুব্ধ হয় আৰু তাতেই সংঘাতৰ সৃষ্টি হয়।
এই ঘটনাক লৈ সীমান্তত পুনৰ উত্তেজনা বৃদ্ধি পাইছে আৰু দুয়ো ৰাজ্যৰ স্থানীয় লোকৰ মাজত আতংক সৃষ্টি হৈছে। ঘটনাস্থলীত আৰক্ষী মোতায়েন কৰা হৈছে আৰু পৰিস্থিতি নিয়ন্ত্রণৰ চেষ্টা কৰা হৈছে।
ডিজিটেল ডেস্ক, ১ ডিচেম্বৰ