নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ “মন কি বাত” অনুষ্ঠানত অৰুণাচল প্ৰদেশৰ মিৰেম গাঁৱৰ প্ৰসংগ

গাঁওবাসীয়ে নিজাববীয়াকৈ নিৰ্মাণ কৰিছিল প্ৰাকৃতিক কোৱাৰেন্টাইন কেন্দ্ৰ

নিয়মীয়া বাৰ্তা, ২৮ জুনঃ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ “মন কি বাত” অনুষ্ঠানত এইবাৰ স্থান পালে অৰুণাচল প্ৰদেশৰ এখন ভিতৰুৱা গাঁৱৰ প্ৰসংগই । দেওবাৰে প্ৰধানমন্ত্ৰীগৰাকীয়ে “মন কি বাত” অনুস্থানত ক’ৰোনা প্ৰতিৰোধী সংগ্ৰামখনত অৰুণাচল প্ৰদেশৰ পূৱ চিয়াং জিলাৰ মিৰেম গাঁৱৰ জনসাধাৰণৰ ভূয়সী প্ৰশংসা কৰে ।

  গাঁওখনৰ জনতাই নিজা প্ৰচেষ্টাৰে স্থানীয় বিদ্যালয় এখনৰ খেলপথাৰত নিজা উদ্যোগত নিৰ্মাণ কৰিছিল চৈধ্যটা কুটিৰৰ লগতে বিজ্ঞানসন্মত শৌচাগাৰ । কুটিৰসমূহ ব্যৱহাৰ কৰা হৈছিল বহিঃৰাজ্যৰ পৰা অঞ্চলটোলৈ উভতি অহা লোকৰ কোৱাৰেন্টাইন কেন্দ্ৰ হিচাবে । চৌপাশৰ পৰা দেৱালেৰে আবৃত কুটিৰসমূহত বিজুলী, বিশুদ্ধ খোৱাপানীৰ লগতে যাৱতীয় সকলো সা-সুবিধাৰ ব্যৱস্থা কৰিছিল গাঁওবাসীয়ে । বাঁহ আৰু টকৌ পাতেৰে সুন্দৰকৈ নিৰ্মাণ কৰা বাসগৃহসমূহত যাতে বহিঃৰাজ্যফেৰৎ লোকসকলে কোনো অসুবিধাৰ সন্মুখীন নহয় তাৰ প্ৰতি যথেষ্ট সতৰ্কতা অৱলম্বন কৰিছিল মিৰেম গাঁওবাসীয়ে । ক’ৰোনা প্ৰতিৰোধৰ স্বাৰ্থত চৰকাৰে জাৰি কৰা নীতি নিৰ্দেশনাসমূহ এশ শতাংশ প্ৰয়োগ কৰি নিৰ্মাণ কৰা হৈছিল এই প্ৰাকৃতিক কোৱাৰেন্টাইন কেন্দ্ৰসমূহৰ ।

   সংবাদ মাধ্যমযোগে এই খবৰ লাভ কৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এক ইতিবাচক খবৰ ৰূপে মিৰেম গাঁওৰ প্ৰসংগ উল্লেখ কৰে দেওবৰীয়া “মন কি বাত” অনুষ্ঠানত । ক’ৰোনা প্ৰতিৰোধৰ স্বাৰ্থত মিৰেম গাঁওবাসীৰ এনে সতৰ্কতা আৰু সচেতনতাক অনুষ্ঠানটোৰ যোগে ভূয়সী প্ৰশংসা কৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে । লগতে মিৰেম গাঁওবাসীৰ এনে যুগান্তকাৰী আদৰ্শ গ্ৰহণৰ বাবে দেশবাসীক আহ্বান জনাইছে প্ৰধানমন্ত্ৰীগৰাকীয়ে । সম্প্ৰতি প্ৰধানমন্ত্ৰীৰ এনে অনুপ্ৰেৰণামূলক বক্তব্যত উৎসাহিত হৈ পৰিছে মিৰেম গাঁওবাসীৰ লগতে অৰুণাচল প্ৰদেশৰ জনতা ।

You might also like