নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বলীউদত পাৰ কৰিলে ২৮ বছৰ… বাদশ্বাহ হোৱাটো আছিল এক কঠিন সংগ্ৰাম

নিয়মীয়া বাৰ্তা, ২৮ জুনঃ বলীউদৰ বাদশ্বাহ শ্বাহৰুখ খানে বলীউদ জগতত পাৰ কৰিলে ২৮ বছৰ। আজি অভিনেতাজনে এই কথা টুইট কৰি জনায়। ১৯৯২ চনত বলীউদত কেৰিয়াৰ বনাবলৈ দিল্লীৰ পৰা মুম্বাইলৈ আহিছিল অভিনেতাজন। আৰু আজি তেওঁ মুম্বাই-ভাৰততে নহয়, বিশ্বজুৰি এগৰাকী ছুপাৰষ্টাৰ ৰূপে পৰিচিত হৈ পৰিল।

অভিনেতাজনে টুইটত লিখে-
‘মোৰ নিচা কেতিয়া মোৰ লক্ষ্য হ’ল আৰু পিছলৈ পেছালৈ গতি কৰিলে গমেই নাপালো। আপোনালোক সকলৰে প্ৰতি মই কৃতজ্ঞ যে মোক ইমান বছৰ ধৰি মনোৰঞ্জন দিয়াৰ সুযোগ দিলে। মোৰ ধাৰণা হয় যে পেছাতকৈ মোৰ নিচাই এটা গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব আপোনালোকক অনাগত দিনতো মনোৰঞ্জন দিয়াৰ ক্ষেত্ৰত।’

উল্লেখ্য যে বলীউদ জগতত শ্বাহৰুখ খানো আছিল এগৰাকী আউটছাইডাৰ বা বহিৰাগত। নিজ সাধনা আৰু পৰিশ্ৰমৰ বলত তেওঁ নিজৰ স্থানত থিয় হ’ব পাৰিছিল। অৱশ্যে প্ৰথম অৱস্থাত তেওঁ হিন্দী ছিৰিয়েলৰ যোগেৰে চিনাকি হোৱাৰ পিছত ১৯৯২ চনত ‘দীৱানা’ ছবিৰে বলীউদত খোজ পেলায়। দুই-এখন ছবিত খোলনায়কৰ চৰিত্ৰত অভিনয় কৰাৰ পিছত ৰোমাণ্টিক অভিনেতাৰ ৰূপত নিজকে জিলিকাই তোলে জগতখনত।

‘দিলৱালে দুলহানিয়া লে জায়েংগে’, ‘দিল তো পাগল হ্যেই’, ‘কুছ কুছ হোতা হ্যেই’, ‘কল হো না হো’, ‘চক দে ইণ্ডিয়া’ আদি ভিন্ন ছবিৰে তেওঁ দৰ্শকৰ অন্তৰ স্পৰ্শ কৰিব পাৰিছিল। ২০১৮ চনত কৰা ‘জিৰো’ ছবিখনৰ পিছত শ্বাহৰুখে এতিয়ালৈ কোনো ছবি হাতত লোৱা নাই যদিও বলীউদ জগতত তেওঁ বাদশ্বাহ ৰূপে সদায়ে জ্যোতিষ্মান হৈ ৰ’ব।

You might also like