নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ৰক্ষণশীল কাটাৰত নিষিদ্ধ অবাধ যৌনতা

  • ফুটবল অনুৰাগীৰ বাবে অসংখ্য বিধি নিষেধ
  • নিয়ম উলংঘাকাৰীৰ হ’ব পাৰে দীর্ঘদিন কাৰাবাস

নিয়মীয়া বাৰ্তা, ১৭ নৱেম্বৰ:  কাটাৰ বিশ্বকাপ আয়োজনৰ দায়িত্ব লাভ কৰাৰ সময়ৰে পৰা ফুটবলপ্রেমীসকলৰ্ মাজত বিভিন্ন ধৰণৰ আশংকাই দেখা দিছিল৷ এই আশংকাৰ কাৰণ হ’ল ৰক্ষণশীল কাটাৰৰ কঠোৰ আইন৷ তৎসত্ত্বেও বিশ্বকাপ উপভোগ কৰিবলৈ দেশখনত ভিৰ কৰিব বিশ্বৰ প্রায় ১০ লাখ ফুটবল অনুৰাগীয়ে৷ সেই বাবে বিশ্বকাপৰ সময়ত যাতে দেশখন বে–আইনী কাম–কাজৰ ঘাটিত পৰিণত নহয়, তাৰ প্রতি বিশেষ দৃষ্টি দিছে কাটাৰ প্রশাসনে৷ প্রতিযোগিতাখন আৰম্ভ হোৱাৰ পূর্বেই কাটাৰত প্রৱেশ কৰা অনুৰাগীসকলৰ যাতে কিছুমান বস্তুৰ প্রতি আসক্তি সৃষ্টি নহয়, তাৰ বাবে কঠোৰ নিয়ম জাৰি কৰা হৈছে৷ সেই নিয়ম ভংগ কৰিলে দেশখনত দীর্ঘদিন কাৰাবাস খাটিবলগীয়া হ’ব পাৰে অনুৰাগীয়ে৷

বিশ্বকাপ উপভোগ কৰিবলৈ যোৱা মহিলা আৰু সমকামীসকলক লৈও উদ্বেগ সৃষ্টি হৈছে৷ কাৰণ কাটাৰত পতি–পত্নীৰ সম্পর্কৰ বাহিৰে যৌন মিলন আৰু সমকামী সম্পর্ক নিষিদ্ধ৷ তেওঁলোক যাতে কোনো অপ্রীতিকৰ ঘটনাৰ সন্মুখীন হ’ব নালাগে তাৰ বাবে বিশেষ ব্যৱস্থা গ্রহণ কৰিছে কাটাৰ আৰক্ষীয়ে৷ ইয়াৰ লগতে বিভিন্ন দেশৰ পৰা অহা দর্শক অনুৰাগীৰ বাবেও কর্তৃপক্ষই কিছু নিষেধাজ্ঞা জাৰি কৰিছে৷ কাটাৰ প্রশাসনে স্পষ্ট কৰি দিছে যে কিছুমান সামগ্রী লগত লৈ কাটাৰত প্রৱেশ কৰিব নোৱাৰিব বিশ্বকাপৰ দর্শকে৷ শুক্ল মুক্ত মদ লগত লৈ কোনেও দেশখনত প্রৱেশ কৰিব নোৱাৰিব৷ তদুপৰি ফুটবল অনুৰাগীয়ে ছেক্স টয় লগত লৈ প্রৱেশ কৰিলে কঠোৰ শাস্তিৰ সন্মুখীন হ’ব পাৰে৷

কাটাৰৰ বিমানবন্দৰত গাহৰিৰ মাংস লৈ কোনেও প্রৱেশ কৰিব নোৱাৰিব৷ তেনে কৰিলে কাৰাবাসলৈ যাবলগীয়া হ’ব পাৰে৷ দেশখনত এনিশাৰ অবৈধ যৌন মিলনৰ বাবে ৭ বছৰ পর্যন্ত জে’ল হ’ব পাৰে৷ বিশ্বকাপ ফুটবল মানেই মেচৰ শেষত সমগ্র নিশা পার্টী অনুষ্ঠিত হয়৷ কিন্তু কাটাৰত সেয়া নিষিদ্ধ৷ এনে কোনো পার্টীৰ আশা যাতে কৰা নহয়, তাৰ বাবে আগতীয়াকৈ সমর্থকসকলক সাৱধান কৰি দিয়া হৈছে৷ দেশখনৰ আৰক্ষীয়ে জনাইছে যে পতি–পত্নী নহ’লে বিশ্বকাপ উপভোগ কৰিবলৈ আহি যৌন মিলন কৰিব নোৱাৰিব৷ এইবাৰ বিশ্বকাপত নাথাকিব এনিশাৰ যৌন মিলন৷ বিশ্বকাপত প্রথমবাৰৰ বাবে এনেদৰে যৌন মিলন নিষিদ্ধ কৰা হৈছে৷ আনকি পর্ণগ্রাফী নির্মাণ আৰু ৰাজহুৱাভাৱে পর্ণগ্রাফী উপভোগ কৰাৰ ক্ষেত্রতো নিষেধাজ্ঞা জাৰি কৰা হৈছে৷ ফুটবল উপভোগ কৰিবলৈ আহি অন্য দেশৰ অনুৰাগীয়ে যাতে স্থানীয় ঐতিহ্য আৰু ৰীতি নীতিক সন্মান কৰে তাৰ বাবে কাটাৰৰ বৈদেশিক মন্ত্রালয়ে এক নির্দেশ জাৰি কৰিছে৷

প্রকাশ্যে যৌন কর্ম আৰু মাতলামী নকৰা আৰু অশালীন পোছাক নিপিন্ধিবলৈও আবেদন জনোৱা হৈছে৷ মহিলাই স্বল্পবস্ত্র পৰিধান কৰা দূৰৰ কথা, পুৰুষসকলেও উদং গাৰে ৰাজপথত ওলাব নোৱাৰিব৷ যিকোনো ধৰণৰ ধর্মীয় গ্রন্থ লগত লৈ অহাৰ ক্ষেত্রতো নিষেধাজ্ঞা জাৰি কৰা হৈছে৷ বিমানবন্দৰত বয়বস্তুৰ তালাচী কৰাৰ সময়ত প্রেছক্রিপচন অবিহনে কোনো ঔষধ পোৱা গ’লেও কাৰাবাস খাটিব লাগিব অনুৰাগীয়ে৷ কাটাৰত নির্দিষ্ট কিছু হোটেল আৰু সমুদ্রৰ তীৰত কিছু স্থানৰ বাহিৰে মদ্যপানত নিষেধাজ্ঞা জাৰি কৰা হৈছে৷ য’তে–ত’তে মদ্যপান কৰিলে শাস্তিৰ সন্মুখীন হ’ব লাগিব৷ এই সময়ছোৱাত কাটাৰত বিক্রী হোৱা মদৰ দাম বৃদ্ধিও হ’ব পাৰে৷ জুৱা খেলি ধৰা পৰিলেও প্রশাসনৰ ৰোষৰ বলি হ’ব লাগিব৷ পত্নী অথবা বান্ধৱীক লগত লৈ বিশ্বকাপ চাবলৈ যোৱাসকলে পথত হাতত হাত ধৰি যাব পাৰিব যদিও সাবটি ধৰিব নোৱাৰিব৷ আনকি নিজৰ প্রিয় দলৰ বিজয়ৰ আনন্দতো কোনেও চুম্বন কৰিব নোৱাৰিব৷ কাৰণ প্রকাশ্য চুম্বন দেশখনত নিষিদ্ধ৷

You might also like