নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

নাগালেণ্ডৰ মন জিলাত কাৰাগাৰৰ পৰা পলায়ন ৯কয়দীৰ

নিয়মীয়া বাৰ্তা, ২০ নৱেম্বৰ: নাগালেণ্ডৰ মন জিলাৰ কাৰাগাৰৰ পৰা ৯ জন কয়দী পলায়ন কৰিছে। এই কয়দীসকলক ধৰিবলৈ আৰক্ষীয়ে সমগ্ৰ জিলাখনত তালাচী অভিযান অব্যাহত ৰাখিছে। খবৰ অনুসৰি শনিবাৰে সংঘটিত হৈছে এই ঘটনা।

আৰক্ষীৰ তথ্য অনুসৰি পলায়ন কৰা ৯ জন কয়দীৰ ভিতৰত দুজন কয়দী দোষী সাব্যস্ত হোৱাৰ বিপৰীতে ৭ জন কয়দীৰ বিচাৰ প্ৰক্ৰিয়া এতিয়াও চলি আছে। এই ৭ জন কয়দীৰ গোচৰত এতিয়াও আদালতে কোনো শাস্তি ঘোষণা কৰা নাই। এজন আৰক্ষী বিষয়াই জনোৱা মতে, এই ৯ জন কয়দীয়ে জেলৰ লোহাৰ দণ্ড আৰু হেণ্ডকাফ ভাঙি জেলৰ পৰা পলায়ন কৰে।

You might also like