নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

দুবছৰ ধৰি বিশুদ্ধ খোৱাপানীৰ পৰা বঞ্চিত চাপানালা বাসী

ফুটুকাৰ ফেনত পৰিণত জলজীৱন আঁচনি

নিয়মীয়া বাৰ্তা, ২০ নৱেম্বৰ: নগাঁও জিলাৰ বঢ়মপুৰ সমষ্টিৰ অধীনৰ চাপানালাত থকা চাপানালাৰ পানী যোগান আঁচনি খনৰ পৰা দুবছৰ ধৰি বিশুদ্ধ খোৱা পানীৰ পৰা বঞ্চিত হৈ আছে প্ৰায় তিনিশটা পৰিয়াল।জানিব পৰামতে আচঁনি খন পূৰ্বৰ পৰা আছিল যদিও জলজীৱন আঁচনিৰ অধীনত সামৰি লৈ জনস্বাস্থ্য কাৰিকৰী বিভাগে ঘৰে ঘৰে পানী যোগানৰ বাবে বৃহৎ পৰিমাণৰ চৰকাৰী ধনৰ আঁচনি প্ৰস্তত কৰি আবন্টন দিয়ে যদিও ঘৰে ঘৰে পানীৰ পাইপ বহুৱাই পানী যোগানৰ ব্যৱস্থা কৰে যদিও পানী যোগান হৈ নুঠিল।বিশেষকৈ চাপানালা অঞ্চলৰ ৰাইজে স্বাধীনতাৰ পিছৰে পৰা খোৱাপানীৰ সমস্যাত পৰি আহিছে যদিও এইসকল লোকক জলজীৱন আঁচনিৰ দৰে অভিলাষী আঁচনিয়ে ঢুকি পোৱা নাই ।যাৰ পৰিপ্ৰেক্ষিতত মাটিৰ কুঁৱা,খাল নাদৰ পানী খাই একাংশ লোক ৰোগত আক্ৰান্ত হ’ব লগা হৈছে। বিগত সময়ত এই অঞ্চলৰ লোকে বিশুদ্ধ খোৱাপানী খাবলৈ নাপায় আঁচিন ৰোগত আক্ৰান্ত হৈ মৃত্যু মুখত পৰিব লগা হৈছিল।সেই পূৰ্বৰ দৰে বৰ্তমান সময়ত জলজীৱনৰ দৰে অভিলাষী আঁচনিয়ে সামৰি ললেও বিশুদ্ধ খোৱাপানী লাভ কৰা নাই ৰাইজে।যাৰ বাবে ঠিকাদাৰে পানীৰ টেপ তৈয়াৰ কৰি থৈ আবন্টিত সকলো ধন লাভ কৰিছে যদিও ৰাইজে বিশুদ্ধ খোৱা পানীহে লাভ কৰা নাই।ইফালে এই সম্পৰ্কে বিভাগীয় কৰ্তৃপক্ষৰ পৰা জানিব পৰামতে আঁচনিখন ৰূপায়ন হোৱা স্থানৰ ১২০ ফুট তলৰ ভূ গৰ্ভত শিল থকা বাবে পানীৰ পাইপ বহুৱাই পানী ওপৰলৈ উঠাই আনিব পৰা নাই।সেই স্থানত ভূ গৰ্ভৰ বহু তললৈ পানী পোৱা যাব আৰু সেইটো কৰিবলৈ উন্নত প্ৰযুক্তি খটুৱাই তলৰ শিল ভাঙিলেহে পানীৰ লেয়াৰ পোৱা যাব বুলি জানিব পৰা যায়।এই ক্ষেত্ৰত নগাওঁ জিলা জনস্বাস্থ্য কাৰিকৰী বিভাগৰ কাৰ্যবাহী অভিযন্ত্ৰা গৰাকীয়ে বিষটো গুৰুত্ব আৰোপ নকৰাৰ বাবেই দীৰ্ঘদিন ধৰি বিশুদ্ধ খোৱা পানীৰ পৰা বঞ্চিত হৈ আছে চাপানালা বাসী।অকল চাপানালাতেই যে জনস্বাস্থ্য কাৰিকৰী বিভাগৰ আঁচনি ফ্লপ স্ব হৈছে এনে নহয় পুৰণিগুদাম চলচলি অঞ্চলত থকা এখন বৃহৎ আঁচনি আজি চাৰি বছৰ ধৰি নিৰ্মাণ সম্পূৰ্ণ নকৰাৰ বাবেই বিশুদ্ধ খোৱাপানীৰ পৰা বঞ্চিত হৈ আছে সাতশৰো অধিক পৰিয়াল।বিশেষকৈ একাংশ ঠিকাদাৰে বিভাগৰ লগত থকা ঘনিষ্ঠতাৰ বাবে একেলগে বহু স্থানত কাম লৈ সময় মতে কাম কৰিব নোৱাৰাৰ বাবেই কেন্দ্ৰীয় চৰকাৰৰ এই অভিলাষী আঁচনি খন এতিয়া বহু স্থানত ফ্লপ স্বত পৰিণত হৈছে।একমাত্ৰ লাভৰ আশাত বিভাগৰ উদ্ধতম কৰ্তৃপক্ষক মেনেজ কৰি জলজীৱন মিচনৰ বহু কাম এজন এজন ঠিকাদাৰে লাভ কৰি নিজৰ মুনাফা লাভৰ চেষ্টা কৰাৰ বাবেই এতিয়া এই মহৎ আঁচনি খন ফ্লপ স্ব হোৱাটো পৰিতাপৰ বিষয় হিছাপে পৰিগণিত হৈছে।ইয়াৰ উপৰিও কিছু কিছু স্থানত কাম সম্পূৰ্ণ কৰি বিশুদ্ধ খোৱাপানী যোগান ধৰিলেও পানীৰ টেপ সমূহত পানীৰ পৰিমাণ কম হোৱাত ৰাইজ অসন্তুষ্ট হৈ পৰিছে।এই ক্ষেত্ৰত বিভাগীয় মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই ৰূপায়ন হোৱা আঁচনি সমূহ পৰ্যবেক্ষণ কৰি তদন্তৰ ব্যৱস্থা কৰিলেই ঠিকাদাৰ সকলৰ কামৰ গাফিলতি ধৰা পৰিব।
You might also like