নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

শান্তি চুক্তি চূড়ান্ত কৰাৰ তৎপৰতা দিল্লীৰ গোপন স্থানত অনানুষ্ঠানিক বৈঠক

নগা সমস্যাৰ ৰাজনৈতিক সমাধানকল্পে কেন্দ্রৰ কুচকাৱাজ

নিয়মীয়া বাৰ্তা ৮ আগষ্টঃ   বহুচর্চিত নগা শান্তি চুক্তিক লৈ পুনৰ কুচকাৱাজ আৰম্ভ হৈছে নতুন দিল্লীত৷ ক’ভিড আক্রান্ত কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহৰ অবর্তমানত আমোলা পর্যায়ত চুক্তিখনক চূড়ান্ত ৰূপ দিয়াৰ তৎপৰতা অব্যাহত আছে৷ নগা শান্তি আলোচনাৰ অন্যতম পক্ষ এন এছ চি এন (আই–এম) আৰু কেন্দ্রীয় চৰকাৰৰ মাজত আজি নতুন দিল্লীত এখন দিক নির্ণয়কাৰী বৈঠক অনুষ্ঠিত হোৱাৰ কথা আছিল যদিও অনিবার্য কাৰণবশতঃ শেষমুহূর্তত বৈঠকখন বাতিল কৰা হয়৷ কেন্দ্রীয় গৃহ মন্ত্রালয়ৰ এক শীর্ষস্থানীয় সূত্রই জানিবলৈ দিয়া মতে, নগা বিদ্রোহী সংগঠনটোৰ সাধাৰণ সম্পাদক থুইংগালেং মুইভাই শেহতীয়াকৈ নতুন দিল্লীত বাহৰ পাতি আছে৷ পিছে শান্তি আলোচনাৰ সৈতে জড়িত এন এছ চি এন (আই–এম)ৰ একাংশ প্রতিনিধি আজি নতুন দিল্লীত উপস্থিত হ’ব নোৱাৰিলে৷ তদুপৰি শান্তি আলোচনাৰ মধ্যস্থতাকাৰী তথা নাগালেণ্ডৰ ৰাজ্যপাল আৰ এন ৰবিয়েও নতুন দিল্লী আহি নাপালে৷ এনে অৱস্থাত অহা সপ্তাহৰ প্রথম ভাগতে এন এছ চি এন (আই–এম) আৰু কেন্দ্রীয় চৰকাৰৰ মাজত আনুষ্ঠানিক আলোচনা অনুষ্ঠিত হ’ব বুলি সূত্রটোত প্রকাশ৷ অৱশ্যে সূত্রটোৱে সদৰী কৰা অনুসৰি আনুষ্ঠানিক আলোচনা নহ’লেও আজি দেশৰ ৰাজধানী মহানগৰখনৰএক গোপন স্থানত এন এছ চি এন (আই–এম)ৰ সাধাৰণ সম্পাদক মুইভাৰে কেন্দ্রীয় গৃহ মন্ত্রালয়ৰ শীর্ষস্থানীয় বিষয়াই অনানুষ্ঠানিক বৈঠকত মিলিত হয়৷ এই অনানুষ্ঠানিক বৈঠকত এন এছ চি এন (আই–এম)–এ নাগালেণ্ডৰ ৰাজ্যপাল আৰ এন ৰবিক মধ্যস্থতাকাৰীৰ দায়িত্বৰ পৰা অপসাৰণৰ দাবী উত্থাপন কৰে৷ উল্লেখ্য যে যোৱা ২০ জুলাইৰ পৰা এন এছ চি এন (আই–এম)ৰ সাধাৰণ সম্পাদক মুইভাই নতুন দিল্লীত বাহৰ পাতি আছে৷ এই সময়ছোৱাত তেওঁ অনানুষ্ঠানিকভাৱে সংশ্লিষ্ট বিভিন্ন পক্ষৰ সৈতে মত বিনিময় কৰি থকা বুলি জানিব পৰা গৈছে৷ বাস্তৱত নগা শান্তি চুক্তিৰ সৈতে সম্পর্ক থকা নাগালেণ্ডৰ চুবুৰীয়া ৰাজ্য অসম, অৰুণাচল প্রদেশ আৰু মণিপুৰ চৰকাৰৰ প্রতিনিধিয়েও অহা সপ্তাহৰ প্রথম ভাগত অনুষ্ঠিত হ’বলগীয়া আনুষ্ঠানিক আলোচনাত অংশগ্রহণ কৰাৰ কথা৷ প্রসংগক্রমে উল্লেখ কৰিব পাৰি যে বিগত বর্ষৰ অক্টোবৰ মাহত নগা শান্তি আলোচনাৰ সৈতে জড়িত সকলো পক্ষৰে হোৱা কেইবালানি আলোচনাৰ অন্তত ৩১ অক্টোবৰত কেন্দ্রীয় চৰকাৰৰ তৰফৰ পৰা ঘোষণা কৰা হৈছিল যে নগা শান্তি চুক্তিৰ খচৰা একপ্রকাৰ চূড়ান্ত হৈছে তথা শান্তি আলোচনা প্রক্রিয়াৰ পৰিসমাপ্তি ঘটিছে৷ পিছে শান্তি চুক্তিৰ কেইবাটাও বিষয়ক লৈ এন এছ চি এন (আই–এম)ৰ আঁকোৰগোজ স্থিতিয়ে সমগ্র প্রক্রিয়াটোত জটিলতাৰ সৃষ্টি হয়৷ প্রধানতঃ নাগালেণ্ডৰ বাবে পৃথক পতাকা, সংবিধান আৰু চুক্তিৰ পূর্বে নগা বিদ্রোহীসকলে চৰকাৰৰ ওচৰত জমা দিবলগীয়া অস্ত্র–শস্ত্রক লৈ কহিমাত এটা সংগ্রহালয় তথা যুদ্ধ স্মাৰক স্থাপন কৰাক লৈ টনা–আঁজোৰা সৃষ্টি হয়৷ কেন্দ্রীয় গৃহ মন্ত্রালয়ৰ সূত্রটোৱে প্রকাশ কৰা মতে, সুকীয়া পতাকা আৰু যুদ্ধ স্মাৰকৰ চর্তত কেন্দ্রীয় চৰকাৰে ইতিমধ্যে একপ্রকাৰ সেউজ সংকেত দিছে যদিও সুকীয়া সংবিধানৰ দাবী খাৰিজ কৰি দিয়া হৈছে৷ আনহাতে, নাগালেণ্ডৰ বাহিৰৰ অসম, অৰুণাচল প্রদেশ আৰু মণিপুৰৰ নগা অধ্যুষিত এলেকাসমূহক লৈও সংশ্লিষ্ট সকলো পক্ষই এটা সমাধান সূত্রত উপনীত হ’ব পাৰিছে৷ কিন্তু এই সমাধান সূত্র কি, সেই সম্পর্কে চৰকাৰ তথা কোনোপক্ষই বর্তমানপর্যন্ত ৰাজহুৱা কৰা নাই৷ অহা সপ্তাহৰ প্রথম ভাগত অনুষ্ঠিত হ’বলগীয়া আনুষ্ঠানিক আলোচনাত চুক্তিৰ সকলো বিষয় চূড়ান্ত কৰা হ’ব বুলি এই মুহূর্তত ধাৰণা কৰা হৈছে৷ অৱশ্যে ১৫ আগষ্টৰ স্বাধীনতা দিৱস বা তাৰ পূর্বে নগা শান্তি চুক্তি সম্পাদন হোৱাৰ কোনো সম্ভাৱনা নাই বুলি সূত্রটোৱে আজি স্পষ্ট কৰি দিয়ে৷ কেৱল প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে স্বাধীনতা দিৱসত লালকিল্লাৰ পৰা ৰাষ্ট্রক উদ্দেশ্যি দিবলগীয়া ভাষণত নগা শান্তি চুক্তিৰ বিষয়টো উত্থাপন কৰাৰ লগতে সমগ্র বিষয়টো সন্দর্ভত এটা ‘ভাল খবৰ’ দিয়াৰ সম্ভাৱনা আছে বুলি সূত্রটোৱে দাবী কৰে৷ এই লক্ষ্যৰেই অহা সপ্তাহৰ প্রথম ভাগত অনুষ্ঠিত হ’বলগীয়া আলোচনাত শান্তি চুক্তিৰ বিষয়বস্তু চূড়ান্ত কৰাৰ সম্ভাৱনা প্রকট হৈ পৰিছে৷ মন কৰিবলগীয়া যে ২০১৫ চনৰ আগষ্ট মাহত সম্পাদিত ফেমৱর্ক এগ্রিমেণ্টৰ আঁত ধৰিয়েই বিগত ৫ বছৰে চলি থকা শান্তি আলোচনাৰ অন্যতম পক্ষ নগা নেচনেল পলিটিকেল গ্রুপ (এন এন পি জি)–এ ইতিমধ্যে শান্তি চুক্তিত স্বাক্ষৰ কৰাৰ বাবে প্রস্তুত হৈছে৷ এনে অৱস্থাত এন এছ চি এন (আই–এম)–এ শান্তি আলোচনাৰ মধ্যস্থতাকাৰীৰ দায়িত্বৰ পৰা নাগালেণ্ডৰ ৰাজ্যপাল আৰ এন ৰবিক অপসাৰণৰ বাবে উত্থাপন কৰা দাবীক কেন্দ্রীয় চৰকাৰে কিদৰে গ্রহণ কৰে সেয়া যথেষ্ট লক্ষণীয় হ’ব৷

You might also like