কাছাৰৰ অসম মণিপুৰ সীমান্তত নিশা গুলী চালনা। ড্ৰাগছ মাফিয়াৰ গুলীত গুলীবিদ্ধ হৈ গুৰুতৰ আহত হৈছে এজন আৰক্ষী জোৱান। সীমান্তৰ কাছাৰৰ জিৰিঘাটৰ দিঙলাং বস্তীত সংঘটিত হৈছে ভয়ংকৰ এই ঘটনা।
জানিব পৰা মতে, ড্ৰাগছ বিৰুদ্ধে অভিযান চলাবলৈ লক্ষীপুৰ সমজিলা আৰক্ষী অধীক্ষকৰ নেতৃত্বত আৰক্ষীৰ এটা দল নিশা সীমান্তৰ দিঙলাং বস্তীত গৈছিল। আৰক্ষীয়ে ড্ৰাগছ মাফিয়াক কৰায়ত্ত কৰিবলৈ চেষ্টা কৰিলে আৰক্ষীৰ হাতৰ পৰা সাৰিবলৈ ড্ৰাগছ মাফিয়াৰ দলটোৱে আৰক্ষীক লক্ষ্য কৰি অতৰ্কিতে কেইবা ৰাউণ্ড গুলীচালনা কৰে।
ড্ৰাগছ মাফিয়াৰ গুলীত পেটত গুলী লাগি শৰিফ হুছেইন কাজী নামৰ এজন আৰক্ষী কৰ্মী জোৱান গুৰুতৰ আহত হয় ৷ ঘটনাৰ পাছত আহত আৰক্ষী জোৱান জনক প্ৰথমে পয়লাপুৰৰ এখন হাস্পতালত লৈ যোৱা হয় যদিও জোৱান জনৰ অবস্থা সংকটজনক হোৱাত তেওঁক শিলচৰ মেডিকেল কলেজত প্ৰেৰণ কৰা হয় ৷ বৰ্তমান শিলচৰ মেডিকেল কলেজত আৰক্ষী জোৱানজন সংকটজনক অবস্থাত ICU ত চিকিৎসাধীন হৈ আছে।
ইপিনে ঘটনা সন্দৰ্ভত কাছাৰৰ জ্যেষ্ঠ আৰক্ষী অধীক্ষক সঞ্জীৱ কুমাৰ শইকীয়াই জনায় যে ড্ৰাগছৰ বিৰুদ্ধে অভিযান চলাবলৈ গৈ এই ঘটনা সংঘটিত হৈছে। ঘটনা সংঘটিত কৰা ড্ৰাগছ মাফিয়াসকলৰ বিৰুদ্ধে আৰক্ষীয়ে অভিযান চলাই গৈছে বুলি জনায় কাছাৰৰ জ্যেষ্ঠ আৰক্ষী অধীক্ষক সঞ্জীৱ কুমাৰ শইকীয়াই ৷
ডিজিটেল ডেস্ক, ৬ মে’