নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ডিমৌত মাৰণাস্ত্ৰসহ দুৰ্ধৰ্ষ আলফা স্বাধীনৰ কেডাৰ গ্ৰেপ্তাৰ

  • ডিমৌ থানাৰ অন্তৰ্গত পালেঙী ধ্যান পথাৰত পুৱতিনিশা আৰক্ষীৰ অভিযান।
  • জেষ্ঠ্য জিলা আৰক্ষী অধীক্ষক পাপৰি চেতিয়াৰ নেতৃত্বত তথা জিলা অতিৰিক্ত আৰক্ষী অধীক্ষক ময়দুল ইছলাম, ডিমৌ আৰক্ষী আয়ুক্ত হীৰেন কুমাৰ ডেকাসহ আৰক্ষীৰ এটা বৃহৎ দলে অভিযান চলায়।
  • অভিযান কালত বীৰেন চেতিয়া ওৰফে ৰন্টু অসম (৩৪) নামৰ এজন দুৰ্ধৰ্ষ আলফা স্বাধীনৰ কেডাৰ গ্ৰেপ্তাৰ কৰাৰ লগতে বৃহৎ পৰিমাণৰ মাৰণাস্ত্ৰ জব্দ কৰিবলৈ সক্ষম হ’য়।
  • অভিযান কালত আৰক্ষীয়ে বীৰেন চেতিয়াৰ পৰা ৭টা গ্ৰেণেড, এটা বটল গ্ৰেনেড, এটা ৯ এম এম বেৰেটা পিষ্টল, ১০ ৰাউণ্ড সজীৱ গুলী, নগদ ১৩৫০০ টকা, ম’বাইলসহ আপত্তিজনক নথিপত্ৰ জব্দ কৰিবলৈ সক্ষম হয়।
  • গ্ৰেপ্তাৰ কৰা আলফা (স্বা:) কেডাৰ বীৰেন চেতিয়াৰ মৰাণ থানাৰ অন্তৰ্গত বেজপথাৰ।
  • কূটাঘাতৰ পৰিকল্পনাৰে আলফা স্বাধীনৰ কেডাৰগৰাকীয়ে পালেঙীত আশ্ৰয় লৈছিলহি বুলি সন্দেহ প্ৰকাশ কৰিছে আৰক্ষীয়ে।
  • এই সন্দৰ্ভত তদন্ত অব্যাহত ৰাখিছে আৰক্ষীয়ে।

ডিজিটেল ডেস্ক, ৬ মে’

You might also like