নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

জীৱনত প্রেম নথকাটো সংগীহীনৰ বাবে ‘স্বাধীনতা’

নিয়মীয়া বাৰ্তা,  ১৫ ফেব্ৰুৱাৰী: জীৱনত প্রেম নথকাটো স্বাধীনতা৷ সেই স্বাধীনতাক উপভোগ কৰা হৈছে৷ আজি প্রেমৰ দিৱসত প্রেম নথকা সংগীহীন মানুহৰ বাবে এই বার্তা দিলে নাগালেণ্ডৰ মন্ত্রী টেমজেন ইমনা আলঙে৷ ছ’চিয়েল মিডিয়া টুইটাৰত এক পোষ্টত মন্ত্রীগৰাকীয়ে লিখিছে যে স্বাধীনতা এক উপহাৰ৷ সেয়া সকলোৰ বাবে নহয়৷ এই দিৱসটোক সংগীহীন লোকসকলে স্বাধীনতা হিচাপেই গণ্য কৰা উচিত বুলি মন্তব্য কৰে মন্ত্রীগৰাকীয়ে৷ অকল সেয়াই নহয়, সংগীহীন লোকসকলৰ প্রতি শুভেচ্ছা জ্ঞাপন কৰি এই দিৱসটোক অনন্য ৰূপত পালন কৰিবলৈ আহ্বানো জনাইছে টেমজেন ইমনা আলঙে৷ পুৱাৰ ভাগতে মন্ত্রীগৰাকীয়ে এই টুইট কৰিছিল৷ এই বাতৰি যুগুতোৱাৰ পৰলৈ ৫.৫০ লাখ লোকে এই টুইটতো চাইছে৷

You might also like