নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ভেলেন্টাইন ডে’ৰ নিশাই ডিব্ৰুগড়ত সংঘটিত হ’ল ভয়ংকৰ গুলীচালনাৰ ঘটনাঃ দুই যুৱক ধৃত

নিয়মীয়া বাৰ্তা,  ১৫ ফেব্ৰুৱাৰী: প্ৰেমৰ দিৱস,ভেলেন্টাইন ডে’ৰ নিশাই ডিব্ৰুগড়ত সংঘটিত হল ভয়ংকৰ ঘটনা।তিনিজাই গুলীয়ে নিশাৰ নিস্তব্ধতা ভংগ কৰি আতংকিত কৰি তুলিলে ডিব্ৰুগড়ৱাসীক।ডিব্ৰুগড়ত কালি নিশা সংঘটিত এক গুলীচালনাৰ ঘটনাই তীব্ৰ চাঞ্চল্যৰ স্বৃষ্টি কৰাৰ লগতে প্ৰতিবেশী সকলক আতংকিত কৰি তোলে।কালি নিশা ঘটনাটো সংঘটিত হয় ডিব্ৰুগড়ৰ ৰাষ্ট্ৰীয় ঘাইপথৰ বাইপাছৰ(খনিকৰ-বৰবৰুৱা) কাষত থকা ‘জাইকা’ নামৰ এখন ধাবাৰ সন্মুখত।ঘটনাৰ বিবৰণী অনুসৰি জাইকা নামৰ ধাবাৰ সন্মুখত এখন ব’লেৰত অহা আৰোহীয়ে  শূণ্যলৈ তিনিজাই গুলী চলায়েই পলায়ন কৰে।অভিযোগ মতে,কালি মাজ নিশা ধাবাৰ সন্মুখত শূন্যলৈ তিনি জাঁই গুলী চলালে কৌশিক গগৈ নামৰ এজন লোকে।

জানিব পৰা মতে কৌশিক গগৈয়ে আন দুজন বন্ধুৰ সৈতে নিশা আহাৰ গ্ৰহণ কৰিছিল উক্ত জাইকা ধাবাত। খাদ্য গ্ৰহণ কৰাৰ পাছতে বিল পৰিশোধ কৰাক লৈ ধাবাৰ কতৃপক্ষৰ সৈতে বাক-বিতণ্ডাত লিপ্ত হৈছিল কৌশিক গগৈ।কেৱল সিমানেই নহয়,ধাবাৰ কৰ্মচাৰী সকলক কৌশিক গগৈয়ে অশ্লীল গালি গালাজ কৰা লগতে এক উতপ্ত পৰিস্থিতিৰ স্বৃষ্টি কৰি তোলে।ইয়াৰ পাছতে ধাবাৰ পৰা উলাই আহি শূন্যলৈ তিনি জাঁইকৈ গুলী ফুটাই কৌশিক গগৈয়ে নিজৰ বাহন লৈ সেই ঠাইৰ পৰা পলায়ন কৰে।অভিযোগ অনুসৰি সেই সময়ত কৌশিক গগৈৰ লগত মুনিন গগৈ নামৰ এজন যুৱক থকাৰ লগতে দুগৰাকী যুৱতী আছিল বুলি জানিব পৰা গৈছে।ইতিমধ্যে বৰবৰুৱা আৰক্ষীয়ে মৰাণহাটৰ পৰা কৌশিক গগৈ আৰু মুনিন গগৈক আটক কৰি জেৰা অব্যাহত ৰাখিছে।কৌশিক গগৈৰ মৰাণহাটৰ গৃহতো আৰক্ষীয়ে ইতিমধ্যে গুলীচালনা সংঘটিত কৰা পিষ্টলটো বিচাৰি তালাচী চলাইছিল যদিও পিষ্টলটো লাভ কৰিবলৈ সক্ষম হোৱা নাই।জানিব পৰামতে কৌশিক গগৈৰ ওচৰত বন্ধুকৰ কোনো অনুজ্ঞাপত্ৰ নাই।তেনে স্থলত গুলীচালনাৰ ঘটনা সংঘটিত কৰি আতংকময় পৰিস্থিতি সৃষ্টি কৰা উক্ত মৰণাস্ত্ৰ অবৈধ বুলি নিশ্চিত হৈছে।আনহাতেদি অবৈধ মৰণাস্ত্ৰ লৈ কৌশিক গগৈয়ে কিদৰে সন্ত্ৰাসৰ সৃষ্টি কৰিব পাৰিলে,সেয়াও এক অতি ভয়ংকৰ কথা।

তথ্য অনুসৰি এএচ-০৬-এএ-১৮০৭ নম্বৰৰ বগা ৰঙৰ এখন বলেৰ’ত আহিছিল যুৱক কেইজন। । সমগ্ৰ ঘটনাই এতিয়া যথেষ্ট ৰহস্য বিৰাজ কৰাৰ সমানে তীব্ৰ চাঞ্চল্য সৃষ্টিৰ কৰিছে ডিব্ৰুগড়ত।আনহাতে ডিব্ৰুগড়ৰ আৰক্ষী অধীক্ষক শ্ৰেতাংগ মিশ্ৰাই ইতিমধ্যে আটক কৰা কৌশিক গগৈ আৰু মুনিন গগৈ ওচৰত কোনো মৰণাস্ত্ৰ অনুজ্ঞাপত্ৰ নাই বুলি নিশ্চিত কৰাৰ লগতে অবৈধ মৰণাস্ত্ৰ জৰিয়তে এনে পৰিস্থিতি সৃষ্টি কৰা বুলি অনুমান কৰিছে।লগতে সমগ্ৰ ঘটনা সন্দৰ্ভত তদন্ত অব্যাহত ৰখা বুলি আৰক্ষী অধীক্ষক গৰাকীয়ে জানিবলৈ দিয়ে।

ইফালে সমগ্ৰ ঘটনাৰ সন্দৰ্ভত কৌশিক গগৈৰ মাতৃ তথা পৰিয়ালে এই গুলি চালনাৰ ঘটনা অস্বীকাৰ কৰিছে।ঘটনাৰ সন্দৰ্ভত পৰিয়ালৰ লোকে অৱগত কৰে শে কৌশিক গগৈয়ে বলে’ৰ গাড়ীৰ জৰিয়তে গাড়ী ভাড়া মাৰি পৰিয়াল চলাই লগতে কৌশিকৰ লগত কোনো মৰণাস্ত্ৰ থকাটো অস্বীকাৰ কৰে মাতৃয়ে।কাজেই সমগ্ৰ ঘটনাটো ৰহস্যৰ আৱৰ্তত সোমাই পৰিছে।

ডিব্ৰুগড়ৰ পৰা বিভাস দুৱৰা।

You might also like