নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

অগ্নিগৰ্ভা নাগালেণ্ডত নিহতৰ সংখ্যা ১৪জনলৈ বৃদ্ধিঃ হতাহতিৰ সংখ্যা বৃদ্ধিৰ আশংকা

নিয়মীয়া বাৰ্তা ৫ ডিচেম্বৰঃ শনিবাৰে চুবুৰীয়া ৰাজ্য নাগালেণ্ডৰ মন জিলাৰ টিজিত আৰক্ষী থানাৰ অন্তৰ্গত তিৰু আৰু অ’টিং বস্তিৰ সীমাত সৃষ্টি হয় এই উত্তপ্ত পৰিস্থিতিৰ। নাগালেণ্ডত নিৰাপত্তাৰক্ষীৰ গুলীত নিহত হয় ১৩ জনকৈ নিৰিহ নগা লোকৰ৷

গোপন সূত্ৰৰ পম খেদি নিৰাপত্তাৰক্ষীয়ে মন জিলাৰ তিৰু গাঁৱত যুৱককেইজনক এনএছচিএন(NSCN)ৰ সদস্য বুলি সন্দেহ কৰি অতৰ্কিতে আক্ৰমণ কৰা বুলি অভিযোগ উত্থাপন হৈছে ৷

আৰু এই ঘটনাৰ পাছতেই নাগালেণ্ডৰ মন জিলাত সেনা আৰু সাধাৰণ জনতাৰ মাজত ভয়ংকৰ সংঘৰ্ষৰ সূত্ৰপাত ঘটে। উত্তেজিত ৰাইজে সেনাৰ ২খনকৈ বাহনত অগ্নি সংযোগ কৰে।

জানিব পৰা মতে সেনাৰ পেৰা ৰেজিমেন্টৰ তহলদাৰী এটা দলে তিনিজন নগা লোকক উগ্ৰপন্থীৰ সন্দেহত ৰ’বলৈ কয় কিন্তু লোক কেইজনে পলাবলৈ লোৱাত সেনাৰ দলটোৱে নগা লোক তিনিজনলৈ লক্ষ্য কৰি গুলি চালনা কৰে। ইয়াৰ পাছতে নিৰিহ তিনি যুৱক মৃত্যুৰ প্ৰতিবাদ জনাই সেনা বাহিনীৰ দুখন বাহনত অগ্নি সংযোগ কৰি সেনাৰ দলটোৰ ওপৰত দা-লাঠি-খাজা বন্দুকেৰে আক্ৰমণ কৰে ।

প্ৰত্যুত্তৰত সেনাৰ গুলিত পুনৰ বহকেইজন আহত হয় । ইফালে ৰাইজৰ আক্ৰমণত গৌতম লাল নামৰ উত্তৰাখণ্ডৰ এজন সেনা জোৱান নিহত হয় । ঘটনাত ১০ জনৰো অধিক সেনাৰ জোৱান আহত হয় । ইয়াৰে ৭ জন সেনাৰ জোৱানক চৰাইদেউ জিলা অসামৰিক চিকিৎসালয়ত প্ৰাথমিক চিকিৎসা প্ৰদান কৰি উন্নত চিকিৎসাৰ বাবে দিনজান সেনা চিকিৎসালয় লৈ প্ৰেৰণ কৰে । ঘটনাটো ইমানেই ভয়ংকৰ আছিল যে গাঁওবাসী হতাহতৰ সংখ্যা আৰু অধিক হ’ব বুলি জানিব পৰা গৈছে ।

ইফালে এই ঘটনাৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি নিহত লোক কেইজনৰ শোকসন্তপ্ত পৰিয়াললৈ সমবেদনা আৰু আহতসকলৰ দ্ৰুত আৰোগ্য কামনা কৰে নাগালেণ্ডৰ মুখ্যমন্ত্ৰী নেফিউ ৰিঅ’ই। লগতে সমগ্ৰ ঘটনা সন্দৰ্ভত মুখ্যমন্ত্ৰী নেফিউ ৰিঅ’ই এক উচ্চস্তৰীয় SIT টীম গঠন কৰি তদন্ত কৰাৰ লগতে নিহত লোক কেইজনক ন্যায় প্ৰদান কৰিব বুলি জানিবলৈ দিয়ে ৷

You might also like