নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

চিমেন নদীৰ শিল-বালি কুৱেৰীৰ লুণ্ঠন বন্ধৰ দাবীঃ আছু আৰু যুৱ-ছাত্ৰ পৰিষদৰ তীব্ৰ প্ৰতিক্ৰিয়া

 নিয়মীয়া বাৰ্তা ৫ ডিচেম্বৰ : দুৰ্নীতিৰ বিৰুদ্ধে জেহাদ ঘোষণা কৰা অসমৰ মুখ্যমন্ত্ৰী ড0 হিমন্ত বিশ্ব শৰ্মাক ধেমাজি জিলা চিমেন চাপৰি শিল-বালিৰ কুৱেৰীত চলি থকা লুণ্ঠন ৰাজ বন্ধ কৰিবলৈ সৎ সাহস দেখুৱাব লৈ আছু আৰু অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰে আহ্বান জনাইছে। আছুৰ চিমেন চাপৰি আঞ্চলিক সমিতি সভাপতি সভাপতি ভাস্কৰ বৰগোহাঞি, সাধাৰণ সম্পাদক লোনা গগৈ, অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ দেৱেশ্বৰ বৰা, সাধাৰণ সম্পাদক, সঞ্জয় বৰাই এক বিবৃতিযোগে চিমেন নদীৰ শিল-বালিৰ কুৱেৰী অবৈধভাৱে দুমাহ ধৰি দৈনিক শ শ ডাম্পাৰেৰে শিল-বালি উঠাই নিয়াৰ পাছতো নিমাতি কন্যাৰ ৰূপত বহি থকা বিয়াগোম বন বিভাগ ভূমিকাক চোকা সমালোচনা কৰিছে।

বিবৃতিটোত উল্লেখ কৰা মতে বিজু কুম্বাং নামৰ এগৰাকী ব্যক্তিয়ে চিমেন নদীৰ শিল-বালিৰ মহলত অবৈধভাৱে খনন কৰি ১,৬৭৫ গাড়ী (ডাম্পাৰ) প্রতিখন গাড়ীৰ বাবদ ২৫০০ টকাকৈ বে-আইনীভাবে সংগ্ৰহ কৰি আহিছে। সংগঠন দুটাই তথ্য সহকাৰে বাৰম্বাৰ জিলাৰ বন সংমণ্ডল বিষয়া ৰোহিনী কুমাৰ দাসক জনোৱাৰ পাছতো বিষয়াগৰাকীৰ লুন্ঠনকাৰীৰ লগত গোপন মিতিৰালী থকাৰ বাবে তেনে ব্যক্তিৰ ওপৰত ব্যৱস্থা ল’বলৈ সৎ সাহস নহ’ল। চিমেন নদীৰ ৰে’ল দলং আৰু 515 নং ৰাষ্ট্ৰীয় ঘাইপথ দলং দুটাৰ খুঁটাৰ কাষতে JCB ৰে অবৈধভাৱে খনন কৰাৰ পাছত দাঁতিকাষৰীয়া গাঁওসমূহ লগতে দলং দুখনৰ প্ৰতি চৰম ভাবুকি সৃষ্টি কৰিছে। সময় থাকোতে এনে ব্যক্তিক নাকী নলগালে অহা ১০ দিনৰ ভিতৰত এনে অবৈধ লুন্ঠনকাৰীৰ ওপৰত বিভাগীয় কৰ্তৃপক্ষই বিহিত ব্যৱস্থা গ্ৰহণ নকৰিলে চিমেন চাপৰি আঞ্চলিক ছাত্র সন্থা আৰু অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ চিমেন চাপৰি আঞ্চলিক সমিতিয়ে ব্যাপক গণতান্ত্ৰিক আন্দোলন গঢ়ি তুলিবলৈ বাধ্য হ’ব বুলি সকীয়াই দিয়ে।

তদুপৰি চিমেন চাপৰি আঞ্চলিক ছাত্র সন্থা আৰু অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ চিমেন চাপৰি আঞ্চলিক সমিতিয়ে চিমেন শিল- বালিৰ মহলৰ ( কুৱেৰী) নিবিদাৰ মাছুল আৰু দৈনিক খনন ক্ষমতাৰ ফলক লগাই ৰাজহুৱা কৰাৰ ব্যৱস্থা কৰা, চিমেন মহলৰ চাৰিসীমা নিৰ্ধাৰণ কৰাৰ ব্যৱস্থা কৰা , চিমেন মহলৰ পৰা দৈনিক সৰবৰাহ কৰা গাড়ীসমূহৰ হিচাপ ৰখাৰ ব্যৱস্থা কৰিবলৈ দাবী

You might also like