নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ছয়গাঁও আৰক্ষীৰ অভিযানত গৰৈমাৰীৰ বিহাপাৰাত আই পি এল জুৱাৰী আটক

নিয়মীয়া বাৰ্তা, ৩ অক্টোবৰঃ কামৰূপ জিলাৰ ছয়গাঁও আৰক্ষীৰ ড্ৰাগছ, মদ, গাঞ্জা তথা অপৰাধমূলক কাৰ্যৰ বিৰুদ্ধে অভিযান অব্যাহত আছে। এই অভিযান অব্যাহত থকাৰ সময়তে যোৱা নিশা ছয়গাঁও আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া কপিল পাঠকৰ এক গোপন খবৰৰ ভিত্তিত গৰৈমাৰীৰ বিহাপাৰত অভিযান চলাই এজন আই পি এল জুৱাৰী আটক কৰাৰ লগতে ২ টা মবাইল ফোন সহ আই পি এল জুৱাৰ লগত জড়িত নথিপত্ৰ জব্দ কৰে।

আৰক্ষীয়ে আটক কৰা জুৱাৰীজন হ’ল গৰৈমাৰী শিঙিমাৰী হাবিৰ জাহিৰুদ্দিন। উক্ত লোকজনক আৰক্ষীয়ে আটক কৰি নিশাই ছয়গাঁও আৰক্ষী থানালৈ লৈ যায়। ছয়গাঁও আৰক্ষী থানাৰ এই সফল অভিযানক সচেতন মহলে ভূয়সী প্ৰশংসা কৰিছে।

You might also like