নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

‘খেলো ইণ্ডিয়া য়ুথ গেমছ’ উদ্বোধনৰ বাবে ১০ জানুৱাৰীত অসমলৈ আহিব প্রধানমন্ত্রী !

নিউজডেস্ক, ২০ ডিচেম্বৰঃ গুৱাহাটীত ১০ জানুৱাৰীৰ পৰা আৰম্ভ হ’বলগীয়া তৃতীয় সংস্কৰণৰ খেলো ইণ্ডিয়া য়ুথ গেমছ উদ্বোধন কৰিবলৈ অসমলৈ অহাৰ সম্ভাৱনা আছে প্রধানমন্ত্রী নৰেন্দ্র মোদীৰ ৷ খেলো ইণ্ডিয়াৰ চি ই অ’ অবিনাশ যোশীয়ে সংবাদ মাধ্যমৰে হোৱা মত বিনিময়ত…

যন্তৰ–মন্তৰত অকলেই অনশনত বহিল ৰূপজ্যোতি কুর্মী

নিয়মীয়া বাৰ্তা, ২০ ডিচেম্বৰঃ নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে নতুন দিল্লীৰ যন্তৰ–মন্তৰত বৃহস্পতিবাৰে অকলেই প্রতিবাদ সাব্যস্ত কৰি এক অনশন কার্যসূচী ৰূপায়ণ কৰিলে ৰাজ্যৰ কংগ্রেছ বিধায়ক ৰূপজ্যোতি কুৰ্মীয়ে ৷ পুৱাৰ পৰা পালন কৰা সাত ঘণ্টীয়া এই…

মেঘালয়ত ইনাৰলাইন পার্মিটঃ বিধানসভাত সর্বসন্মত প্রস্তাৱ গৃহীত

নিয়মীয়া বাৰ্তা, ২০ ডিচেম্বৰঃ বেংগল ইষ্টার্ন ফ্রণ্টিয়াৰ ৰেগুলেচন–১৮৭৩ অনুসৰি মেঘালয়ত ইনাৰলাইন পার্মিট ৰূপায়ণ কৰিবৰ বাবে বৃহস্পতিবাৰে ৰাজ্যখনৰ বিধানসভাত সর্বসন্মত প্রস্তাৱ গৃহীত কৰা হয় ৷ মুখমন্ত্রী কনৰাড কে চাংমাই উত্থাপন কৰা এই প্রস্তাৱ দলৰ…

প্ৰতিবাদৰ নামত হিংসাঃ উৰাবাতৰি বিয়পোৱা উৎসৰ তদন্তত নামিছে আৰক্ষী

নিয়মীয়া বাৰ্তা, ২০ ডিচেম্বৰঃ 'কা' বিৰোধী আন্দোলনে সমগ্ৰ ৰাজ্য উত্তাল কৰি ৰখাৰ সময়তে প্ৰতিবাদৰ নামত একাংশ দুষ্কৃতিকাৰীয়ে চলোৱা হিংসাত্মক ঘটনা সন্দৰ্ভত তদন্ত চলাই আছে গৃহ বিভাগ আৰু অসম আৰক্ষীয়ে ৷ কাৰ প্রৰোচনাত আৰু কেনেধৰণৰ উৰাবাতৰিৰ ফলত যোৱা…

১৯ জানুৱাৰীলৈ পিছুৱালে মাধ্যমিক টেট

নিয়মীয়া বাৰ্তা, ২০ ডিচেম্বৰঃ নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে চলি থকা প্ৰতিবাদে ৰাজ্যৰ পৰিস্থিতি জটিল কৰি তোলাৰ পৰিপ্ৰেক্ষিতত অহা ২২ ডিচেম্বৰৰ পৰা অনুষ্ঠিত হ'বলগীয়া হাইস্কুল টেট ১৯ জানুৱাৰীলৈ পিছুৱাই দিয়া হৈছে ৷ বৃহস্পতিবাৰে এই কথা অৱগত কৰে…

আজিৰে পৰা ৰাজ্যত পুনৰ আৰম্ভ হ’ল ইণ্টাৰনেট সেৱা

নিয়মীয়া বাৰ্তা, ২০ ডিচেম্বৰঃ যোৱা ১১ ডিচেম্বৰৰ পৰা ৰাজ্যত বন্ধ হৈ থকা ইণ্টাৰনেট সেৱা আজি পুৱা ৯ বজাৰ পৰা পুনৰ আৰম্ভ কৰা হৈছে ৷ ব্রডবেণ্ড ইণ্টাৰনেট সেৱা ইতিমধ্যে মুকলি কৰাৰ পাছত আজিৰে পৰা ম’বাইল ইণ্টাৰনেটো উপলব্ধ হ’ব ৷ উল্লেখ্য যে…

নিখোজ হৈ আছে বিহাৰৰ মুখ্যমন্ত্ৰী নীতিশ কুমাৰ ‍!

পাৰ্থৱ শইকীয়া নাগৰিকত্ব সংশোধনী আইনক লৈ দেশৰ ভিন্ন প্ৰান্তত প্ৰতিবাদ অব্যাহত থকাৰ মাজতে আহিছে এটা দুঃখবৰ । এনে এক জটিল সন্ধিক্ষণত বিহাৰৰ মুখ্যমন্ত্ৰী নীতিশ কুমাৰ নিখোজ হৈ থকা বিষয়টোৱে দেশজুৰি লাভ কৰিছে ব্যাপক চৰ্চা । অৱশ্যে কেনেকৈ…

তৃতীয় এদিনীয়াত ভাৰতীয় দলত দীপক চাহাৰৰ স্থানত নৱদীপ চায়নী

নিউজডেস্ক, ১৯ ডিচেম্বৰঃ ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে অন্তিম এদিনীয়াত ভাৰতীয় দলৰ কিছু সালসলনি  কৰা হৈছে । তল পিঠিত সামান্য আঘাতৰ বাবে ঘৰুৱা দলটোৰ নিৰ্ভৰযোগ্য স্পীনাৰ দীপক চাহাৰক তৃতীয় তথা অন্তিম এদিনীয়াৰ পৰা বিশ্ৰাম দিয়া হয় । ইয়াৰ বিপৰীতে চাহাৰৰ…

এটা কুঁৱাত ৩ কন্য়াৰ মৃতদেহ

নিয়মীয়া বাৰ্তা, ১৯ ডিচেম্বৰঃ এজন পাষাণ হৃদয়ৰ পিতৃৰ জঘন্য ঘটনা। তিনি কন্যাক হত্যা কৰি এটা কুঁৱাত পেলালে মৃতদেহ। এই ঘটনা সংঘটিত হৈছে গুজৰাটৰ জোনাগড় জিলাত। ৭ বছৰীয়া, ৫ আৰু ২বছৰীয়া কন্যাক নৃশংসভাৱে হত্যা কৰি নিজেও আত্মহত্যাৰ পথ বাছি লয় লোকজনে।…

লতাশিললৈ আহি গামোচা পিন্ধিলেই জাতিপ্ৰেম হৈ নাযায়

পাৰ্থৱ শইকীয়া  নাগৰিকত্ব সংশোধনী আইনক লৈ ৰাজ্যত প্ৰতিবাদ অব্যাহত থকাৰ সময়তে বৃহস্পতিবাৰে চতিয়াৰ বিধায়ক পদ্ম হাজৰিকাৰ নেতৃত্বত বিধায়কৰ এটা দলে সাক্ষাৎ কৰে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালক । সাম্প্ৰতিক ঘটনাৰাজি আৰু বিধায়কসকলক ৰাইজে…