নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

নগা চুক্তিৰ পূৰ্বে অসম সীমান্তত চুবুৰীয়া ৰাজ্যৰ সন্ত্ৰাস

গুৱাহাটী, ১৩ নৱেম্বৰঃ পুনৰ অসমৰ মাটিত বেদখল নগাৰ। কেইবাদশক ধৰি অসম নাগালেণ্ড সীমান্তত অব্যাহত থকা সীমা বিবাদ মীমাংসা নোহোৱাৰ পৰিপেক্ষিতত অগ্ৰাসী নগাই শিৱসাগৰ, যোৰহাট, গোলাঘাট, কাৰ্বি আংলং জিলাৰ হাজাৰ হাজাৰ বিঘা মাটি অবৈধ দখল অব্যাহত ৰাখিছে।…

“চন্দ্ৰ-সূৰ্য থকালৈকে শ্ৰীকৃষ্ণ ভক্তি ভাৰতবৰ্ষত চলি থাকিব”- ডঃ শৰ্মা

মিৰ্জা, ১৩ নৱেম্বৰঃ পলাশবাৰী ৰাস মহোৎসৱ মঙলবাৰে আনুষ্ঠানিকভাৱে উদ্বোধন কৰে বিত্ত, স্বাস্থ্য আৰু গড়কপ্তানী মন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই । এই অনুষ্ঠানতে মন্ত্ৰীগৰাকীয়ে ভাৰত বৰ্ষত চন্দ্ৰ-সূৰ্য থকালৈকে শ্ৰীকৃষ্ণ ভক্তি চলি থাকিব বুলি মন্তব্য…

কৰ্ণাটকৰ অযোগ্য বিধায়কক সৰ্বোচ্চ ন্যায়ালয়ৰ সাময়িক সকাহ

নিউজ ডেস্ক ১৩ নৱেম্বৰঃ উচ্চতম ন্যায়ালয়ে কৰ্ণাটকৰ অযোগ্য বিধায়ক সকলক সকাহ প্ৰদান কৰিছে। ন্যায়ালয়ে কৰ্ণাটক বিধানসভাৰ অধ্যক্ষই বিধায়ক কেইজনক অযোগ্য ঘোষণা কৰা সিদ্ধান্তক বাহাল ৰাখিছে, যদিও বিধায়ক কেইজনে বিধানসভাৰ উপনিৰ্বাচনত অৰ্ৱতীৰ্ণ হ'ব…

হাতত মাৰণাস্ত্ৰ লৈ ফটোৰ বাবে প’জ দিলে দৰা-কইনাই; পিছে ক’ত ?

নিউজডেস্ক, ১৩ নৱেম্বৰঃ সম্প্ৰতি ছ'চিয়েল মিডিয়াত চৰ্চা লাভ কৰিছে এখন বিশেষ ফটোৱে । এই বিশেষ ফটোখনত নাগালেণ্ডৰ এক বিবাহ অনুষ্ঠানত চ্যুট-পেণ্ট পৰিহিত দৰা আৰু কইনাই হাতত স্বয়ংক্ৰিয় ৰাইফল লৈ ফটোক উঠাক কেন্দ্ৰ কৰিয়ে চৰ্চা লাভ কৰিছে । ইপিনে এই…

৪ কোটি টকাৰ ব্যৱসায়েৰে গ্ৰন্থমেলাত সৰ্বকালৰ অভিলেখ ভংগ

নিয়মীয়া বাৰ্তা,১৩ নৱেম্বৰঃ গ্ৰন্থ ব্যৱসায়ত নতুন অভিলেখ গঢ়ি মঙলবাৰে সামৰণি পৰিল ২১ সংখ্যক উত্তৰ-পূব গ্ৰন্থমেলাৰ । গ্ৰন্থপ্ৰেমীৰ বিপুল সমাগম আৰু গ্ৰন্থ বিপণীৰ অভাৱনীয় হাৰৰ ধাৰাবাহিকতা অব্যাহত থাকে অন্তিম দিনটো । সামৰণিৰ দিনলৈকে গ্ৰন্থমেলাত…

ঝাৰখণ্ড নিৰ্বাচনঃ বিজেপিৰ দ্বিতীয়খন প্ৰাৰ্থী তালিকা ঘোষণা

নিউজ ডেস্ক,১৩ নৱেম্বৰঃ আগন্তুক ঝাৰখণ্ড বিধানসভা নিৰ্বাচনক লৈ এতিয়া তৎপৰ হৈ পৰিছে কেন্দ্ৰশাসিত বিজেপি দল । ৩০ নৱেম্বৰৰ পৰা ৫ টা পৰ্যায়ত অনুষ্ঠিত হ'বলগা ভোটগ্ৰহণ প্ৰক্ৰিয়াৰ বাবে ইতিমধ্যে বুধবাৰে দ্বিতীয়খন প্ৰাৰ্থী তালিকা ঘোষণা কৰে ভাৰতীয় জনতা…

এতিয়াও ‘লাইফ চাপৰ্ট’তে আছে লতা মংগেশকাৰ; কিছু উন্নত হৈছে স্বাস্থ্যৰ অৱস্থা

নিউজডেস্ক, ১৩ নৱেম্বৰঃ মুম্বাইৰ ব্ৰিছ কেণ্ডি হাস্পতালত চিকিৎসাধীন হৈ থকা কোকিলকণ্ঠী গায়িকা লতা মংগেশকাৰৰ স্বাস্থ্যৰ শেহতীয়া খবৰ সন্দৰ্ভত চিকিৎসকে প্ৰকাশ কৰিলে কেতবোৰ তথ্য । এতিয়াও আইচিউৰ ভেন্টিলেট'ৰতে আছে লা মংগেশকাৰ । অৱশ্যে কিছু পৰিমানে…

গাড়ীত ভয়ংকৰ বোমা বিস্ফোৰণ : নিহত ৭

বুধবাৰে পুৱা আফগানিস্তানৰ কাবুলত ভয়ংকৰ বোমা বিস্ফোৰণ সংঘটিত হয় এখন গাড়ীত সংস্থাপিত হৈ আছিল এই বোমা বিস্ফোৰণৰ ফলত ৭ জন লোক নিহত হোৱাৰ লগতে ৭ জনৰ অৱস্থা সংকটজনক 

পুতলাৰ গুদামত অগ্নিকাণ্ড

পশ্চিমবংগৰ শিলিগুৰিৰ পুতলাৰ গুদামত ভয়ংকৰ অগ্নিকাণ্ড অগ্নিনিৰ্বাপন বাবে ঘটনাস্থলীত উপস্থিত অগ্নিনিৰ্বাপক বাহিনীৰ দল  বৰ্তমানলৈকে অগ্নিকাণ্ডৰ কাৰণ জানিব পৰা হোৱা নাই  

পুনৰ পাকিস্তানৰ যুদ্ধবিৰতি উলংঘন 

বুধবাৰে পুৱা জম্মু-কাশ্মীৰত পাকিস্তানৰ পুনৰ যুদ্ধবিৰতি উলংঘন ৰাজৌৰী জিলাত পাক সেনাৰ ধাৰাসাৰ গুলীবৰ্ষণ কেৰী গাঁৱত সংঘটিত এই গুলীবৰ্ষণৰ প্ৰত্যুত্তৰ দিয়ে ভাৰতীয় সেনাই বৰ্তমানলৈকে কোনো লোক হতাহত হোৱাৰ খবৰ লাভ কৰা নাই