নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ঝাৰখণ্ড নিৰ্বাচনঃ বিজেপিৰ দ্বিতীয়খন প্ৰাৰ্থী তালিকা ঘোষণা

নিউজ ডেস্ক,১৩ নৱেম্বৰঃ আগন্তুক ঝাৰখণ্ড বিধানসভা নিৰ্বাচনক লৈ এতিয়া তৎপৰ হৈ পৰিছে কেন্দ্ৰশাসিত বিজেপি দল । ৩০ নৱেম্বৰৰ পৰা ৫ টা পৰ্যায়ত অনুষ্ঠিত হ’বলগা ভোটগ্ৰহণ প্ৰক্ৰিয়াৰ বাবে ইতিমধ্যে বুধবাৰে দ্বিতীয়খন প্ৰাৰ্থী তালিকা ঘোষণা কৰে ভাৰতীয় জনতা পাৰ্টীয়ে । বুধবাৰে ঘোষণা কৰা তালিকা অনুসৰি ৭২ নং বিধানসভা সমষ্টি লোহাৰদাগা (জনজাতীয়)ৰ বাবে শ্ৰী সুখদেৱ ভগতৰ নাম উল্লেখ কৰে দলটোৱে ।

উল্লেখ্য যে, মুঠ ৮১ খন বিধানসভাৰ আসন থকা ঝাৰখণ্ডৰ ৯ টা সমষ্টি অনুসূচিত জাতি আৰু ২৮ টা সমষ্টি জনজাতীয় লোকৰ বাবে সংৰক্ষিত । ২০১৪ ৰ বিধানসভা নিৰ্বাচনত ৰাজ্যখনত ৩৭ খন আসনত জয়লাভ কৰি বিজেপিয়ে সদৌ ঝাৰখণ্ড ছাত্ৰ সন্থাৰ সৈতে শাসনৰ গাদী দখল কৰিছিল । তেনে পৰিপ্ৰেক্ষিতত ভাৰতৰ ৰাজনীতিত দপদপাই থকা শাসনাধিষ্ঠ বিজেপিয়েই যে এইবাৰো ঝাৰখণ্ড নিজৰ দখললৈ আনিব সেইটো নিশ্চিত ।

You might also like