নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

৪ কোটি টকাৰ ব্যৱসায়েৰে গ্ৰন্থমেলাত সৰ্বকালৰ অভিলেখ ভংগ

সামৰণি পৰিল ২১ সংখ্যক উত্তৰ-পূব গ্ৰন্থমেলা

নিয়মীয়া বাৰ্তা,১৩ নৱেম্বৰঃ গ্ৰন্থ ব্যৱসায়ত নতুন অভিলেখ গঢ়ি মঙলবাৰে সামৰণি পৰিল ২১ সংখ্যক উত্তৰ-পূব গ্ৰন্থমেলাৰ । গ্ৰন্থপ্ৰেমীৰ বিপুল সমাগম আৰু গ্ৰন্থ বিপণীৰ অভাৱনীয় হাৰৰ ধাৰাবাহিকতা অব্যাহত থাকে অন্তিম দিনটো । সামৰণিৰ দিনলৈকে গ্ৰন্থমেলাত প্ৰায় ৪ কোটি টকাৰ গ্ৰন্থ বিক্ৰী বুলি সদৰী কৰিছে গ্ৰন্থমেলাৰ আয়োজক সদৌ অসম পুথি প্ৰকাশক আৰু বিক্ৰেতা সংস্থাৰ সাধাৰণ সম্পাদক ধীৰাজ গোস্বামীয়ে । গোস্বামীয়ে জানিবলৈ দিয়া মতে, ২০ বছৰৰ উত্তৰ-পূব গ্ৰন্থমেলাৰ ইতিহাসত ইমান বৃহৎসংখ্যক গ্ৰন্থ কেতিয়াও বিক্ৰী হোৱা নাই । এই বছৰৰ গ্ৰন্থমেলাই যোৱা আটাইকেইটা বছৰৰ অভিলেখ ভংগ কৰিছে । গ্ৰন্থপ্ৰেমীৰ সমাগমেও নতুন অভিলেখ সৃষ্টি কৰিছে এইবাৰৰ গ্ৰন্থমেলাত । যোৱা ১২ টা দিনত আঢ়ৈ লাখতকৈও অধিক গ্ৰন্থপ্ৰেমীয়ে চানমাৰিৰ গ্ৰন্থমেলা প্ৰাংগনত প্ৰৱেশ কৰিছে । অসমীয়া গ্ৰন্থৰ বিক্ৰীও আছিল অতি উৎসাহজনক । অসমীয়া ভাষা আৰু অসমীয়া গ্ৰন্থ ব্যৱসায়ৰ বাবে এয়া অতি আশাৰ বতৰা বুলি পুথি প্ৰকাশক আৰু বিক্ৰেতা সংস্থাৰ সাধাৰণ সম্পাদকগৰাকীয়ে জানিবলৈ দিয়ে । এই গ্ৰন্থমেলাক সফল কৰি তোলাৰ বাবে সদৌ অসম পুথি প্ৰকাশক আৰু বিক্ৰেতা সংস্থাই ধন্যবাদ জ্ঞাপন কৰে সমূহ গ্ৰন্থপ্ৰেমীক ।

You might also like