নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

এতিয়াও ‘লাইফ চাপৰ্ট’তে আছে লতা মংগেশকাৰ; কিছু উন্নত হৈছে স্বাস্থ্যৰ অৱস্থা

১১ নৱেম্বৰৰ পুৱতি নিশা শ্বাস-প্ৰশ্বাসজনিত সমস্যা আৰু ভাইৰেল ইনফেকশ্যনৰ বাবে গুৰুত্বৰভাৱে অসুস্থ হৈ পৰিছিল কিংবদন্তি কণ্ঠশিল্পী লতা মংগেশকাৰ ।

নিউজডেস্ক, ১৩ নৱেম্বৰঃ মুম্বাইৰ ব্ৰিছ কেণ্ডি হাস্পতালত চিকিৎসাধীন হৈ থকা কোকিলকণ্ঠী গায়িকা লতা মংগেশকাৰৰ স্বাস্থ্যৰ শেহতীয়া খবৰ সন্দৰ্ভত চিকিৎসকে প্ৰকাশ কৰিলে কেতবোৰ তথ্য । এতিয়াও আইচিউৰ ভেন্টিলেট’ৰতে আছে লা মংগেশকাৰ । অৱশ্যে কিছু পৰিমানে উন্নত হ’বলৈ ধৰিছে কণ্ঠশিল্পীগৰাকীৰ স্বাস্থ্যৰ অৱস্থা । ইপিনে হাস্পতাল কৰ্তৃপক্ষই জনোৱা অনুসৰি জনপ্ৰিয় কণ্ঠশিল্পীগৰাকীৰ আৰোগ্যৰ বাবে দিনে নিশাই চিকিৎসা অব্যাহত ৰাখিছে চিকিৎসকৰ দলে । উল্লেখ্য যে ১১ নৱেম্বৰৰ পুৱতি নিশা শ্বাস-প্ৰশ্বাসজনিত সমস্যা আৰু ভাইৰেল ইনফেকশ্যনৰ বাবে গুৰুত্বৰভাৱে অসুস্থ হৈ পৰিছিল কিংবদন্তি কণ্ঠশিল্পী লতা মংগেশকাৰ ।

You might also like