নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

অসমীয়া ভাষাৰ জ্ঞান নাথাকিলে অসমত কৰিব নোৱাৰিব চাকৰি

নিয়মীয়া বাৰ্তা, ১৩ জানুৱাৰীঃ অসমীয়া ভাষাৰ জ্ঞান নাথাকিলে কোনোৱে অসমত চৰকাৰী চাকৰি কৰিব নোৱাৰিব৷ অসম সাহিত্য সভাই চৰকাৰক এইক্ষেত্রত তিনি মাহ সময় বান্ধি দিছেছা৷ সেয়া আইএএছ বিষয়াই হওক বা অসম ভিত্তিত বাছনিভুক্ত বিষয়া–কর্মচাৰীয়ে হওক৷ এইদৰে মঙলদৈত হুংকাৰ দিয়ে অসম সাহিত্য সভাৰ সভাপতি পৰমানন্দ ৰাজবংশীয়ে৷

দেওবাৰে মঙলদৈ মহর্ষি বিদ্যা মন্দিৰৰ বার্ষিক সভাত অংশগ্রহণ কৰি ৰাজবংশীয়ে কয় যে অসমৰ সকলো নিযুক্তিৰ পৰীক্ষাতে ৫০ শতাংশ মাতৃভাষা বিষয়ত পৰীক্ষা পাতিব লাগিব৷ এপিএছচি পৰীক্ষাতো এই নিয়ম বাধ্যতামূলক কৰিব লাগিব বুলি মন্তব্য কৰি তেওঁ কয় যে অসম চুক্তিৰ ৬ নং দফাতো মাতৃভাষা বিষয়টো বাধ্যতামূলক বুলি উল্লেখ আছে৷

ইপিনে সাম্প্রতিক সময়ত মোবাইল ফোনত একাংশ ছাত্র–ছাত্রী ব্যস্ত হোৱা বিষয়টো আঙুলিয়াই তেওঁ কয় যে মোবাইলে তথ্য দিব পাৰিব কিন্তু জ্ঞান দিব নোৱাৰে৷ গ্রন্থ অধ্যয়নে ছাত্র–ছাত্রীক জ্ঞান দিব৷

You might also like