নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

কাইলৈৰ পৰা গুৱাহাটীত অনির্দিষ্ট কাললৈ অ’লা–উবেৰক বর্জন

নিয়মীয়া বার্তা, ৩১জানুৱাৰীঃ গুৱাহাটী মহানগৰীত কেব সেৱাৰে জড়িত হাজাৰ হাজাৰ চালকৰ জীৱন আৰু জীৱিকাক লৈ হেতালি খেলা বহুজাতিক প্রতিষ্ঠান অ’লা–উবেৰৰ বিৰুদ্ধে ক্ষুব্ধ হৈ পৰিছে সদৌ অসম কেব মজদুৰ সংঘ৷ অ’লা–উবেৰ কর্তৃপক্ষই চালকসকলক দীর্ঘদিন ধৰি চলাই অহা শোষণৰ বিৰুদ্ধে সুদীর্ঘ চাৰি বছৰ ধৰি ধাৰাবাহিকভাৱে আন্দোলন কৰি অহাৰ পিছতো চালকসকলে সুফল পোৱা নাই৷ সেয়েহে ১ ফেব্ৰুৱাৰীৰ পৰা অনির্দিষ্ট কাললৈ গুৱাহাটীত অ’লা–উবেৰ বর্জনৰ সিদ্ধান্ত গ্রহণ কৰিছে কেব মজদুৰ সংঘই৷

কেব মজদুৰ সংঘৰ দাবী পূৰণ নকৰালৈকে গুৱাহাটীত অ’লা–উবেৰ বর্জন কার্যসূচী চলি থাকিব৷ দিছপুৰ প্রেছ ক্লাবত এক সংবাদ মেলত কেব মজদুৰ সংঘৰ বিষয়ববীয়াসকলে অ’লা–উবেৰৰ বিৰুদ্ধে ক্ষোভ প্রকাশ কৰি কয় যে ২০১৫ চনত আৰম্ভ হোৱা অ’লা–উবেৰ প্রতিষ্ঠান দুটাই চালকসকলক শোষণ কৰি আহিছে৷ আৰম্ভণিতে এটা বছৰ নিয়মিতভাৱে চালকসকলক সা–সুবিধা প্রদান কৰিছিল যদিও সুদীর্ঘ চাৰি বছৰ ধৰি অ’লা–উবেৰ কর্তৃপক্ষই প্রতিটো ট্রিপৰ বিপৰীতে চালকসকলৰ পৰা ৩০–৪০ শতাংশ কমিছন সংগ্রহ কৰি আহিছে৷ তদুপৰি উক্ত প্রতিষ্ঠান দুটাই কোনো কাৰণ নোহোৱাকৈ শ শ চালকৰ একাউণ্ট স্থায়ীভাৱে বন্ধ কৰি চালকসকলক হাৰাশাস্তি কৰি আহিছে৷ একমাত্র বাণিজ্যিক বাহনখনেই উপার্জনৰ মূল হোৱা হেতুকে হাজাৰ হাজাৰ চালকৰ জীৱন–জীৱিকালৈ অমানিশা নামি আহিছে৷ উপার্জনৰ পথ বন্ধ হৈ পৰা চালকসকলে বেংকৰ পৰা ঋণ লৈ বাহন ক্রয় কৰি বিপাঙত পৰাৰ লগতে নিজ নিজ পৰিয়ালক পোহপাল দিয়াত অসমর্থ হৈ পৰিছে৷ চালকসকলক শোষণ কৰা অ’লা–উবেৰ কর্তৃপক্ষৰ বিৰুদ্ধে ভুক্তভোগী চালকসকলে ধাৰাবাহিক আন্দোলনৰ লগতে এনে বহুজাতিক প্রতিষ্ঠানক নাকী লগাবলৈ চৰকাৰক বাৰম্বাৰ দাবী জনাই আহিছে যদিও চৰকাৰে চালকসকলৰ জীৱিকা সুৰক্ষিত কৰিবলৈ তিলমানো গুৰুত্ব প্রদান কৰা নাই বুলি সংঘৰ বিষয়ববীয়াসকলে ক্ষোভ প্রকাশ কৰে৷ সেয়েহে গুৱাহাটীত অ’লা–উবেৰ চলাই জীৱিকা চলোৱা চালকসকলৰ কমিছনৰ হাৰ ১৫ শতাংশলৈ হ্রাস কৰা, কেব চালকসকলৰ একাউণ্ট নীতিবহির্ভূতভাৱে বন্ধ প্রত্যাহাৰ কৰা, চালক আৰু যাত্রীৰ নিৰাপত্তা সুনিশ্চিত কৰা, কেব চালকৰ সতি–সন্ততিৰ শিক্ষা ঋণ, চালকসকলৰ স্বাস্থ্য বীমা, অস্বাভাৱিক মৃত্যু ঘটা চালকৰ পৰিয়ালক ১০ লাখ টকা এককালীন সাহায্য, আৱাসগৃহৰ ঋণ আৰু চৰকাৰী নিৰিখ অনুসৰি ভাৰা নির্ধাৰণ কৰাৰ দাবী জনাইছে সদৌ অসম কেব মজদুৰ সংঘই৷ উল্লেখিত দাবীসমূহ পূৰণ নকৰালৈকে গুৱাহাটীত অ’লা–উবেৰ বর্জন কার্যসূচী চলি থাকিব বুলি সংঘৰ বিষয়ববীয়াসকলে হুংকাৰ দিয়ে৷

You might also like