নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

চিআৰপিএফত ৯,২১২ চাকৰি; আবেদনৰ অন্তিম তাৰিখ ২৫ এপ্রিল

ভাৰত চৰকাৰৰ গৃহ পৰিক্রমা মন্ত্রালয়ৰ অধীনত পৰিচালিত কেন্দ্রীয় সংৰক্ষিত আৰক্ষী বাহিনী(Central Reserve Police Force) চমুকৈ চিআৰপিএফত মুকলি হৈছে Constable (Technical & Tradesman)ৰ ৯,২১২ পদ৷ অর্হতাসম্পন্ন পুৰুষ আৰু মহিলা উভয় শ্রেণীৰ প্রার্থীৰ পৰা আবেদন আহ্বান কৰিCRPFৰDIG (Rectt.) Dte. Genl.–এ এক বিস্তৃত নিয়োগ বিজ্ঞাপন প্রকাশ কৰিছে৷

প্রকাশিত বিজ্ঞাপনৰ তথ্য অনুসৰিConstable (Technical & Tradesman)ৰ মুঠ পদ ৯,২১২ৰ ভিতৰত পুৰুষ প্রার্থীৰ বাবে ৯,১০৫ আৰু মহিলা প্রার্থীৰ বাবে ১০৭ পদ সংৰক্ষিত থাকিব৷ পুৰুষৰ ৯,১০৫ পদ পূৰণ হ’বলগীয়া ৰাজ্য/কেন্দ্রীয় শাসিত অঞ্চলসমূহ হৈছে Andhra Pradesh (424), Arunachal Pradesh (18), Assam (275), Bihar (726), Chhattisgarh (204), Goa (11), Gujarat (425), Haryana (166), Himachal Pradesh (45), Jharkhand (293), Karnataka (460), Kerala (254), Madhya Pradesh (494), Maharashtra (745), Manipur (46), Meghalaya (57), Mizoram (11), Nagaland (93), Odisha (297), Punjab (238), Rajasthan (463), Sikkim (4), Tamil Nadu (579), Telangana (301), Tripura (42), Uttar Pradesh (1,340),  Uttarakhand (71), West Bengal (707), Chandigarh-UT (124), Delhi-UT (124), J&K-UT (175), Puduchery-UT (9)৷

উল্লিখিত ৰাজ্য/কেন্দ্রীয় শাসিত অঞ্চলসমূহত পুৰুষ প্রার্থীৰ বাবে খালী হোৱা পদসমূহৰ ভিতৰত আছে Driver (2,372), Motor Mechanic Vehicle (544), Cobbler (151), Carpenter (139), Tailor (242), Brass Band (172), Pipe Band (51), Buglar (1,340), Gardner (92), Painter (56), Cook/Water Carrier (2,429), Washerman (403), Barber (303), Safai Karmachari (811)৷

আনহাতে, মহিলাৰ ১০৭ পদ পূৰণ হ’বলগীয়া ৰাজ্য/কেন্দ্রীয় শাসিত অঞ্চলসমূহ হৈছেAndhra Pradesh (4), Assam (2), Bihar (9), Chhattisgarh (2), Gujarat (6), Haryana (2), Jharkhand (3), Karnataka (6), Kerala (5), Madhya Pradesh (5), Maharashtra (9), Manipur (1), Nagaland (1), Odisha (5), Punjab (3), Rajasthan (5), Tamil Nadu (14), Telangana (6), Uttar Pradesh (14), West Bengal (5)৷

উল্লিখিত ৰাজ্য/কেন্দ্রীয় শাসিত অঞ্চলসমূহত মহিলা প্রার্থীৰ বাবে খালী হোৱা পদসমূহৰ ভিতৰত আছেBugler (20), Cook/Water Carrier (46), Washer Women (3), Hair Dresser (1), Safai Karmachari (13), Brass Band (24)৷ নিযুক্তিপ্রাপ্তই মাহে ২১,৭০০–৬৯,১০০ টকা লাভ কৰিব৷Driver পদৰ প্রার্থীৰ বয়স ১ আগষ্ট, ২০২৩লৈ ২১–২৭ বছৰ৷ অৱশ্যে প্রার্থীৰ জন্ম ২ আগষ্ট, ১৯৯৬ৰ পিছত আৰু ১ আগষ্ট, ২০০২ৰ আগত হোৱা হ’ব লাগিব৷Constable-Motor Mechanic Vehicle, Cobbler, Carpenter, Tailor, Brass Band, Pipe Band, Buglar, Gardner, Painter, Cook/Water Carrier, Washerman, Barber, Safai Karmachari, Mason,Plumber পদৰ প্রার্থীৰ বয়স ১ আগষ্ট, ২০২৩লৈ ১৮–২৩ বছৰ৷ অৱশ্যে প্রার্থীৰ জন্ম ২ আগষ্ট, ২০০০ৰ পিছত আৰু ১ আগষ্ট, ২০০৫ৰ আগত হোৱা হ’ব লাগিব৷ CT/Driver পদৰ প্রার্থীৰ নূ্যনতম শৈক্ষিত অর্হতা দশম শ্রেণী অথবা ইয়াৰ সমপর্যায়ৰ পৰীক্ষাত স্বীকৃতিপ্রাপ্তBoardৰ পৰা উত্তীর্ণ হোৱা নাইবাCentral/State Govt.ৰ দ্বাৰাUniversityৰ পৰা ইয়াৰ সমপর্যায়ৰ পৰীক্ষাত উত্তীর্ণ হোৱা হ’ব লাগিব৷Heavy Transport Vehicle Driving License থকাৰ লগতেRecruitmentৰ সময়ত অনুষ্ঠিতDriving Testত উত্তীর্ণ হ’ব লাগিব৷CT/Mechanic Motor Vehicle পদৰ প্রার্থীৰ নূ্যনতম শৈক্ষিত অর্হতা দশম শ্রেণী৷National/State Council for Vocational Taining/InstitutionৰMotor Mechanic Vehicle TradeতIndustrial Training Institute (ITI)ৰ প্রমাণ–পত্রধাৰী হোৱাৰ লগতে সংশ্লিষ্টTradeত ১ বছৰীয়া কর্ম অভিজ্ঞতা থকা হ’ব লাগিব৷Tradesman পদৰ প্রার্থীৰ নূ্যনতম শৈক্ষিক অর্হতা দশম শ্রেণী অথবা ইয়াৰ সমপর্যায়ৰ পৰীক্ষাত স্বীকৃতিপ্রাপ্তBoardৰ পৰা উত্তীর্ণ হোৱা নাইবাCentral/State Govt.ৰ দ্বাৰাUniversityৰ পৰা ইয়াৰ সমপর্যায়ৰ পৰীক্ষাত উত্তীর্ণ হোৱা হ’ব লাগিব৷ সংশ্লিষ্টTradeত অভিজ্ঞতা থকা হ’ব লাগিব৷ (Pioneer Wing) CT (Mason/Plumber/Electrician) পদৰ প্রার্থী দশম শ্রেণী উত্তীর্ণ হোৱাৰ লগতেMasonary/Plumbing/Electrician Tradeত ১ বছৰীয়া কর্ম অভিজ্ঞতা থকা হ’ব লাগিব৷ সংশ্লিষ্টTradeতITIৰ প্রমাণ–পত্রধাৰী প্রার্থীয়ে অগ্রাধিকাৰ লাভ কৰিব৷ আবেদন মাচুল হিচাপে সাধাৰণ, অ’বিচি আৰু আর্থিকভাৱে পিছপৰা শ্রেণীৰ প্রার্থায়ে ১০০ টকা অনলাইন মাধ্যমেৰে পৰিশোধ কৰিব লাগিব৷ অৱশ্যে এছ চি, এছ টি আৰু মহিলাৰ সকলো শ্রেণীৰ প্রার্থীয়ে কোনো ধৰণৰ আবেদন মাচুল পৰিশোধ কৰিব নালাগে৷

আগ্রহীসকলে বিজ্ঞাপন বিষয়ক অধিক তথ্যৰ লগতে পদৰ বাবে থাকিবলগীয়া অন্যান্য চর্তাৱলীকে ধৰি অনলাইনযোগে আবেদন দাখিল কৰিবলৈCentral Reserve Police Forceৰ ৱেবছাইটhttp://www.crpf.gov.in লগ–ইন কৰিব পাৰে৷ আবেদন দাখিলৰ অন্তিম তাৰিখ ২৫ এপ্রিল, ২০২৩৷

You might also like