নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

তেজপুৰত চৰকাৰী আঁচনি ৰূপায়ণত চীনত নিৰ্মিত সামগ্ৰী ব্যৱহাৰৰ অভিযোগ 

নিয়মীয়া বাৰ্তা, ৩১ জুলাইঃ চৰকাৰী আহ্বানক আংগুষ্ঠ দেখুৱাই নিজা লাভালাভৰ প্ৰতি লক্ষ্য ৰাখি বিদেশী ৰাষ্ট্ৰৰ সামগ্ৰী ব্যৱহাৰ কৰাকলৈ তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে।উল্লেখ্য যে – দেশৰ চৰকাৰে  মেক ইন ইণ্ডিয়া নীতিক সৰ্বাধিক গুৰুত্ব দিয়াৰ লগতে দেশৰ সীমাত অশান্তিৰ সৃষ্টি কৰি অহা প্ৰতিৱেশী ৰাষ্ট্ৰ চীনত নিৰ্মিত সামগ্ৰী ব্যৱহাৰ নকৰিবলৈ সৰ্বসাধাৰণলৈ ৰাজহুৱা আহ্বান জনাই অহাৰ সময়তে এই তথ্য পোহৰলৈ আহে৷ সম্প্ৰতি এই চীনা সামগ্ৰীয়েই ব্যৱহাৰ কৰা হৈছে চৰকাৰী ভাবে৷ অভিযোগ অনুসৰি,শোণিতপুৰৰ বিহগুৰি উন্নয়ন খণ্ড অন্তৰ্গত অঞ্চলতে সংঘটিত হৈছে এনে ঘটনা৷ উল্লেখ্য যে,তেজপুৰৰ নিকটৱৰ্তী বান্দৰমাৰীত বিহগুৰি উন্নয়ন খণ্ডৰ জৰিয়তে কৰা পথৰ পোহৰৰ ব্যৱস্থাত ব্যৱহাৰ কৰা হৈছে চীনা সামগ্ৰী৷

উল্লেখ্য যে,আদৰ্শ গাঁও হিচাপে গ্ৰহণ কৰা এই আঁচনিৰ বিপৰীতে এই অঞ্চলত সৌৰ শক্তি চালিত পোহৰৰ ব্যৱস্থা কৰা হৈছে৷ ইয়াৰ বাবে আবন্টিত প্ৰায় ১০লাখ টকাৰে মুঠ ৩৪টা ষ্ট্ৰীট লাইটৰ ব্যৱস্থা কৰা হৈছে বান্দৰমাৰীত৷কিন্তু এই সকলো লাইটেই চীনা কোম্পানীৰ দ্বাৰা নিৰ্মিত হোৱাত এই লাইট সমূহ কিমান দিনলৈ কাৰ্যক্ষম হৈ থাকিব সেইলৈ প্ৰশ্ন উঠিছে একাংশ সচেতন লোকৰ মাজত৷প্ৰণিধানযোগ্য যে,এই চীনা লাইটৰ মূল্য কম হোৱাৰ বাবেই দেশী কোম্পানীৰ লাইটৰ তুলনাত এইবিধ কিছু অধিক সংখ্যাত ক্ৰয় কৰিব পাৰি৷ইয়াৰ বিপৰীতে এই লাইটৰ পোহৰ আৰু কাৰ্যক্ষমতাৰ আয়ুস কিন্তু আনতকৈ কম বুলি অভিযোগ উঠি আহিছে৷আনকি,শোণিতপুৰৰে বালিপৰা উন্নয়নখণ্ড অধীনস্থ আন এক অঞ্চলত প্ৰথম অৱস্থাত এনে লাইট ব্যৱহাৰ কৰাৰ পাছত হোৱা ৰাজহুৱা আপত্তিৰ পৰিপ্ৰেক্ষিতত এনে লাইট আঁতৰাই পুনৰ নতুনকৈ লাইট লগাবলগীয়া হৈছিল৷তদুপৰি,বান্দৰমাৰী অঞ্চলত ব্যৱহাৰ কৰা এনে  লাইটৰ খুটাৰো পাৰ্থক্য থকা বুলি অভিযোগ কৰি স্থানীয় একাংশ লোকে এই বিষয়টো উপায়ুক্তক পৰ্যবেক্ষণ তথা ব্যৱস্থা গ্ৰহণৰ দাবী জনাইছে৷

You might also like