নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

কাছুমাৰাত বগা চাউলৰ কলা বেহা, দক্ষিণ বগুৰীবাৰী সমবায় সমিতিৰ ৪৮০ বেগ চোৰাং চাউল জব্দ

নিয়মীয়া বাৰ্তা,৩ জুলাই: বৰপেটা জিলাৰ যোগান বিভাগৰ একাংশ দুৰ্নীতিগ্ৰস্ত বিষয়া-কৰ্মচাৰীৰ ছত্ৰছায়াতে জিলাখনৰ বিভিন্ন প্ৰান্তত দীৰ্ঘদিনৰে পৰা ৰাজহুৱা বিতৰণ ব্যৱস্থাৰ বগা চাউলৰ ৰমৰমীয়া কলা বেহা চলি থকাৰ অভিযোগ। দুখীয়া হিতাধিকাৰীৰ নামত চৰকাৰে বিভাগীয় ভাৱে প্ৰতি মাহে নিয়মীয়াকৈ যোগান ধৰা খাদ্য সুৰক্ষাৰ চাউল একাংশ সমবায় সমিতিৰ সভাপতি-সম্পাদক, চৰকাৰী বিষয়া-কৰ্মচাৰী আৰু পঞ্জীয়নভূক্ত সুলভ মূল্যৰ দোকানীয়ে বিভিন্ন সময়ত গ্ৰাহকক ঠগ- প্ৰবঞ্চনা কৰি বৃহৎ পৰিমাণ খাদ্য সুৰক্ষাৰ বগা চাউল কলা বজাৰত বিক্ৰী কৰাৰ অভিযোগ উত্থাপিত হৈ আহিছে। শেহতীয়াকৈ বৰপেটা জিলাৰ চেঙা সমষ্টিৰ কাছুমাৰা আৰক্ষী থানাৰ অন্তৰ্গত দক্ষিণ বগুৰীবাৰী সমবায় সমিতিৰ এজেণ্ট পূৱ ম’হচৰা গাঁৱৰ জাহেদুল ইছলামৰ ঘৰত অবৈধভাৱে সমবায় সমিতিৰ সভাপতি ছাইদুৰ ৰহমান, সম্পাদক আব্দুল্লা ওৱাহিদি, চাউল বেপাৰী আব্দুল মজিদ আদিয়ে দক্ষিণ বগুৰীবাৰী সমবায় সমিতিৰ প্ৰায় ৩০০ কুইণ্টল বগা চাউল বিক্ৰীৰ বাবে মজুত কৰি ৰাখে। যোৱা ০১লা জুলাইত স্থানীয় সচেতন একাংশ যুৱকে গোপন খৱৰৰ ভিত্তিত ৰাতি অনুমান ৮ বজাত ৰাইজৰ সহযোগত কাছুমাৰা আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া নৱজীৎ দাসৰ নেতৃত্বত সুলভ মূল্যৰ দোকানী জাহেদুল ইছলামৰ ঘৰত তালাচী চলায় আৰু প্ৰায় ৩০০ কুইন্টল চাউল জব্দ কৰে। উল্লেখ্য এতিয়ালৈকে জব্দকৃত চাউল আৰু উল্লেখিত ব্যক্তি সকলৰ বিৰুদ্ধে আৰক্ষীয়ে কোনো পদক্ষেপ গ্ৰহণ নকৰাত ক্ষোভ প্ৰকাশ কৰিছে ৰাইজে। এই সন্দৰ্ভত বৰ্তমানলৈ কেইবাটাও গোচৰো ৰুজু কৰা হৈছে | ঘটনাৰ সতে জড়িত থকা সমবায় সমিতিৰ সভাপতি, সম্পাদক, এজেন্ট আৰু চাউল বেপাৰীৰ বিৰুদ্ধে দাখিল কৰা এজাহাৰৰ ভিত্তিত শীঘ্ৰে চি এম ভিজিলেঞ্চৰ জৰিয়তে তদন্তৰ দাবী জনাইছে অঞ্চলবাসী ৰাইজে |

You might also like