নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

কামতাপুৰ স্বায়ত্বশাসিত পৰিষদৰ কাৰ্যবাহী সদস্য কাৰ্তিক ৰায়ৰ মহানুভৱতা

নিয়মীয়া বাৰ্তা, ৩ জুলাই: ধুবুৰী জিলাৰ ভাৰত – বাংলাদেশ সীমান্তৰ কেদাৰ গাঁৱৰ ১০৮ বছৰীয়া অকলসৰীয়া ময়নামতী দেৱী নামৰ জেষ্ঠ মহিলাগৰাকীৰ দুখ কষ্টৰ কৰুণ কাহিনী শুনি এমাহ পূৰ্বে কামতাপুৰ স্বায়ত্বশাসিত পৰিষদৰ কাৰ্যবাহী সদস্য কাৰ্তিক ৰায়ে মহিলাগৰাকীৰ বাসগৃত উপস্থিত হৈ সকলো ধৰণৰ প্ৰয়োজনীয় সা-সামগ্ৰী প্ৰদান কৰি প্ৰতিমাহে তেখেতক ব্যক্তিগত ফালৰ পৰা প্ৰয়োজনীও সা সামগ্ৰীৰ লগতে ১৫০০ টকাকৈ দিয়াৰ প্ৰতিশ্ৰুতি প্ৰদান কৰিছিল । আজি সেই প্ৰতিশ্ৰুতি পালন কৰি পৰিষদৰ কাৰ্য্যবাহী সদস্য ৰায়ে জেষ্ঠ মহিলা গৰাকীৰ আৱাস গূহলৈ ১৫০০ টকা আৰু প্ৰয়োজনীয় সা – সামগ্ৰী পঠিয়াই দিয়ে । সীমান্তৱৰ্তী ভিতৰুৱা গ্ৰামাঞ্চলৰ এগৰাকী নি:সহায় নিৰীহ বয়সীয়াল মহিলাৰ ভৰন পোষনৰ সম্পূৰ্ন দ্বায়িত্ব গ্ৰহন কৰি নিষ্ঠাৰে পালন কৰি থকা কাৰ্তিক ৰায়ৰ উক্ত পদক্ষেপ সীমান্তবৰ্তী ৰাইজৰ মাজত প্ৰশংসিত হোৱাটো পৰিলক্ষিত হৈছে ।

You might also like