নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বিজনী উলুবাৰী উচ্চ মাধ্যমিক বিদ্যালয়ৰ সোণালী জয়ন্তী উৎসৱ

নিয়মীয়া ,২২ জানুৱাৰীঃ চিৰাং জিলাৰ বিজনী মহকুমাৰ উলুবাৰীস্থিত উলুবাৰী উচ্চ মাধ্যমিক বিদ্যালয়ৰ সোণালী জয়ন্তী উৎসৱৰ আজি দ্বিতীয় দিনা এক মনোজ্ঞ আলোচনা চক্ৰ অনুষ্ঠিত হয় ৷ “শৈক্ষিক উত্তৰণত শিক্ষক আৰু সমাজৰ ভূমিকা” শীৰ্ষক  আলোচনাচক্ৰ সঞ্চালনা কৰে  বিজনী মহাবিদ্যালয়ৰ সহকাৰী অধ্যাপক ড০ ইন্দ্ৰজিৎ ব্ৰহ্মই। উক্ত আলোচনাচক্ৰত সমল ব্যক্তি হিচাপে উপস্থিত থাকি গোসাঁইগাঁও বি.এড মহাবিদ্যালয়ৰ অধ্যক্ষ ড০ অজিত বড়োৱে শিক্ষাৰ.উত্তৰণ অনাৰ বাবে শিক্ষাৰ ক্ষেত্রত জড়িচ শিক্ষক সকলে বস্তুনিষ্ঠ ভাৱে একাণপটীয়াকৈ একাগ্ৰতাৰে লাগি সমাজৰ শিক্ষাৰ পৰিৱৰ্তন আনিব পাৰে বুলি মত পোষণ কৰে  ৷ এই ক্ষেত্ৰত সমাজৰ অভিভাৱক সকলে শিক্ষকসকলক সহায়তা কৰিব লাগিব আৰু নিজৰ নিজৰ লৰা ছোৱালীক মনপুতি অধ্যয়ন কৰিব পৰা ব্যৱস্থা কৰিব লাগিব বুলিও তেওঁ ব্যক্ত কৰে ৷ সমাজৰ লোক সকলে শিক্ষাৰ দিশ উন্নত কৰিবলৈ হলে শিক্ষক শিক্ষয়িত্ৰী সকলৰ সতে লগ লাগি পূৰ্ণ সহযোগিতা আগবঢ়াব লাগিব বুলিও কয়  ৷ বঙাইগাঁও জিলা সাহিত্য সভাৰ প্ৰাক্তন সভাপতি তথা লেখক কৰুণাকান্ত ৰায়ে বিষয় সন্দৰ্ভত আলোচক হিচাপে উপস্থিত থাকি উলুবাৰী অঞ্চলৰ শৈক্ষিক উত্তৰণৰ দিশত বিগত পঞ্চাশ বছৰৰ আগতে শিক্ষনুৰাগী লোক সকলে কৰা আশাশুধীয়া প্ৰচেষ্টাৰ সলাগ লয় আৰু বিগত কেবা দশক জুৰি কেবাটাও আন্দোলনৰ সময়ত পৰিৱেশ সলনি হলেও উলুবাৰী অঞ্চলত শিক্ষাৰ ধাৰা অব্যাহত ৰাখিব পাৰিছে বাবে সাম্প্ৰতিক সময়ত অঞ্চলটোৰ পৰা কেবাজনো চৰকাৰী উচ্চ পৰ্যায়ত চৰকাৰী বিষয়া সম্প্ৰতি দেশৰ বিভিন্ন প্ৰান্তত কৰ্মৰত হৈ উলুবাৰী অঞ্চলক ধন্য কৰিছ বুলি উল্লেখ কৰে ৷

ৰায়ে উলুবাৰী অঞ্চলৰ কলবাৰী গাঁৱৰ বাসিন্দা সূত্ৰে উলুবাৰী অঞ্চলৰ শৈক্ষিক বাতাবৰণৰ সতে জড়িত আছিল বাবে বহু স্মৃতি ভৰা মন্তব্য আগবঢ়ায় ৷ আন এগৰাকী আলোচক বিজনী মহাবিদ্যালয়ৰ সহযোগী অধ্যাপক ড০ গৌগম ব্ৰহ্ম কছাৰীয়ে সমাজৰ লোক সকলৰ সহায়তা লাভ কৰিলে যিকোনো অঞ্চলৰ শিক্ষাৰ উত্তৰণ ঘটিলে সমাজৰ বৌদ্ধিক বিকাশৰ গতি আগুৱাই যায় বুলি মন্তব্য ৰাখে ৷ আজি দ্বিতীয় দিনাও উলুবাৰী উচ্চ মাধ্যমিক বিদ্যালয় চৌহদ সোণালী জয়ন্তী উৎসৱ উপলক্ষে উদুলি মুদুলি হৈ পৰে ৷ বিয়লি লৈ অনুষ্ঠিত হয় সাংস্কৃতিক অনুষ্ঠান।

You might also like