নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ঢকুৱাখনা মহকুমা কৃষি বিভাগৰ ৰবি শস্যৰ বীজ বিতৰণ

নিয়মীয়া বাৰ্তা, ১ নবেম্বৰ: ৰাজ্যৰ কৃষক ৰাইজৰ লগতে প্ৰতিকূল বতৰ আৰু বানত বিধস্ত ঢকুৱাখনা মহকুমাৰ কৃষক ৰাইজলৈ আশাৰ ৰেঙণি সিঁচি ঢকুৱাখনা মহকুমা কৃষি বিষয়াৰ কাৰ্যালয়ত বিতৰণ কৰা হয় প্ৰায় ৩০০ কুইণ্টল  বিভিন্ন  ৰবি শস্যৰ বীজ ৷ ৰাষ্ট্ৰীয়  কৃষি বিকাশ যোজনাৰ আৰু দুৰ্যোগ ব্যৱস্থাপনা আচঁনিৰ অধিনত আজি ঢকুৱাখনা মহকুমা কৃষি বিষয়া কাৰ্যালয়ৰ অধিনৰ শতাধিক ক্‌ষক আৰু কৃষি গোটৰ  মাজত ৫১ কুইণ্টল সৰিয়হ, , ১৩ কুইণ্টল ৫০ কেজি মচুৰ দালি , ২১ কুইণ্টল বাদাম,  , ২৪১ কুইণ্টল আলুগুটি,  ২ কুইণ্টল ১০ কেজি পিয়াঁজ আদি ৰবি শস্যৰ  বীজ বিতৰণ উদ্বোধন কৰে ঢকুৱাখনা মহকুমা কৃষি বিষয়া গৌতম চন্দ্ৰ ডেকাই ৷ কাতিমহীয়া আৱতৰীয়া বানত মাটিৰ মাহ, মগুৰ মাটি তিল আদি খেতি পথাৰ ক্ষতি হোৱা কৃষক সকলে চৰকাৰে যোগান ধৰা ৰবি শস্যৰ খেতি কৰি লাভবান হব পাৰিব বুলি জানিবলৈ দি পৰবৰ্তী সময়ত কুৱাখনা মহকুমা কৃষক সকলক ঘেঁহু, মাকৈ আৰু অন্যান্য কৃষি  বীজো বিতৰণ কৰা হব বুলিও জানিবলৈ দিয়ে মহকুমা কৃষিবিষয়া গৰাকীয়ে ৷

You might also like