নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

চিৰাং জিলা সংগঠন সমূহৰ সমন্বয়ৰক্ষী সমিতিৰ প্ৰশাসনক স্মাৰক পত্ৰ প্ৰদান

নিয়মীয়া বাৰ্তা, ১৯ অক্টোবৰ: একাংশ সমাজবিৰোধী লোকে পূজা আৰু উৎসৱ উদযাপনৰ সময়ত জুৱা খেল পতা, অবৈধ সুৰাৰ পোহাৰ মেলা আদি বিভিন্ন আসামিজ কামত লিপ্ত হয়। শাৰদীয় উৎসৱৰ বতৰত চিৰাং জিলাৰ বিভিন্ন স্থানতো পূৰ্বে এনে ধৰণৰ আসামিজ কামত লিপ্ত হৈ একাংশ লোকে সামাজিক পৰিৱেশ বিনষ্ট কৰাৰ উদাহৰণ আছে। এবেলি পূজা আৰু উৎসৱ উদযাপনৰ নামত যাতে কোনোধৰণৰ জুৱা খেল অনুষ্ঠিত কৰা আৰু অবৈধ সুৰাৰ পোহাৰ মেলা নহয় তাৰ বাবে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ সংগঠনটোৱে জিলা সাধাৰণ প্ৰশাসনৰ লগতে আৰক্ষী প্ৰশাসনক আহ্বান জনায়। আজি চিৰাং জিলা সংগঠনসমূহৰ সমন্বয়ৰক্ষী সমিতিৰ(All Organizations Co-ordination Committee) এটি সজাতি দলে জিলা উপায়ুক্ত আৰু আৰক্ষী অধীক্ষকক সাক্ষাৎ কৰি এখন স্মাৰক পত্ৰ প্ৰদান কৰে।।

Input: বিপুল কুমাৰ দাস: কাজলগাঁও

You might also like