নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

গহপুৰৰ যুৱকৰে প্রেমৰ সম্পর্ক আছিল গুৱাহাটীৰ প্রিন্সি গগৈৰ

নিয়মীয়া বাৰ্তা ১৮ অক্টোবৰঃ গুৱাহাটীৰ বিশেষভাৱে সক্ষম যুৱতী প্রিন্সি গগৈক অপহৰণৰ যি অভিযোগ গহপুৰৰ এজন যুৱকৰ বিৰুদ্ধে উত্থাপন হৈছে, তাক অস্বীকাৰ কৰিছে গহপুৰৰ ঘাহিগাঁৱৰ যুৱক পৰাগ দাসে৷ গুৱাহাটীত ছাউণ্ড ইঞ্জিনীয়াৰিঙৰ পাঠ্যক্রম গ্রহণ কৰি থকা গহপুৰ ঘাহিগাঁও হুকাজানৰ যুৱক পৰাগ দাসৰ প্রিন্সি গগৈৰ লগত ৬ মাহ ধৰি প্রেমৰ সম্পর্ক আছিল বুলি তেওঁ জানিবলৈ দিছে৷

ফেচবুকত দুয়োৰে মাজত কথা–বতৰা গভীৰভাৱে চলি আছিল৷ তেওঁ যুৱতীগৰাকীক অপহৰণ কৰি অনা নাই বুলি কোৱাৰ লগতে যুৱতীগৰাকীৰ সম্পূর্ণ মতসাপেক্ষেহে ১৫ অক্টোবৰত নিজ গৃহলৈ আনিছিল বুলি জানিবলৈ দিয়ে৷ ১৬ অক্টোবৰত ঘাহিগাঁও আৰক্ষী চকীত ৰুজু কৰা গোচৰৰ পিছতে যুৱতীগৰাকীক পৰিয়ালৰ লোকে নিজ গৃহলৈ ওভতাই নিয়ে৷ কি কাৰণত প্রিন্সি গগৈয়ে তেওঁৰ বিৰুদ্ধে অপহৰণৰ গোচৰ তৰিলে, সেই বিষয়ে পৰাগ দাস জ্ঞাত নহয় বুলি ব্যক্ত কৰে৷ তেওঁলোকৰ প্রেমৰ সম্পর্কৰ কিছু প্রমাণো তেওঁৰ লগত আছে বুলি পৰাগ দাসে কয়৷

You might also like