নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

জোৰশিমলুত দুখন চুৰি বাইক সহ দুজন লোক আটক

নিয়মীয়া বাৰ্তা, ৯ আগষ্ট : কামৰূপ জিলাৰ ছয়গাঁও আৰক্ষী থানাৰ অন্তৰ্গত জোৰশিমলুত যোৱা নিশা আৰক্ষীয়ে অভিযান চলাই দুখন বাইক সহ দুজন লোকক আটক কৰে ৷ ঘটনাৰ বিৱৰণীত জানিব পৰা মতে, ছয়গাঁও আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া কপিল পাঠকে জোৰশিমলুত দুখন চোৰাং বাইক থকাৰ খবৰ বিশেষ সুত্ৰে লাভ কৰে ৷ ইয়াৰ পিচতেই আৰক্ষী বিষয়া গৰাকীয়ে জোৰশিমলু আৰক্ষী চকীক এই সন্দৰ্ভত অভিযান চলাবলৈ নিৰ্দেশ দিয়ে ৷

যোৱা নিশা চলোৱা এক অভিযানত জোৰশিমলু গাঁৱৰ ওমৰ আলী আৰু লালচান আলী নামৰ লোক দুজনৰ ঘৰৰ পৰা দুখন চুৰি বাইক উদ্ধাৰ কৰাৰ লগতে লোক দুজনক আটক কৰে ৷ জানিব পৰামতে দুয়োজনে এ আৰ ০৯ এ ০৮৯৪ আৰু এ এছ ২১ ৩০৫৯ নম্বৰৰ বাইক দুখন কোনোবা বাইক চোৰৰ পৰা ক্ৰয় কৰিছিল ৷ যাৰ বাবে দুয়োজনে বাইক সহ আৰক্ষীৰ হাতত গ্ৰেপ্তাৰ হ’বলগীয়া হয় ৷ উল্লেখ্য যে ছয়গাঁও আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া কপিল পাঠকে ছয়গাঁও থানাত যোগদান কৰিয়েই চুৰি কাৰ্যৰ বিৰুদ্ধে ধাৰাবাহিক অভিযান চলাই ইতিমধ্যে বহু লোকক আটক কৰি জেল হাজোতলৈ প্ৰেৰণ কৰিছে । আৰক্ষী বিষয়া কপিল পাঠকৰ এই সক্ৰিয় ভুমিকাক সচেতন মহলে ভূয়সী প্ৰশংসা কৰিছে ।

You might also like