নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

জোনাইৰ বান শিবিৰত থকা বানাক্ৰান্তক অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ জোনাই আঞ্চলিক সমিতিৰ আহাৰ যোগান

নিয়মীয়া বাৰ্তা, ৯ আগষ্টঃ ধেমাজি জিলা জোনাই মহকুমাত ভয়ঙ্কৰ বানত বহুতো লোকে হেৰুৱাইছে তেওঁলোকৰ মৰমৰ ঘৰখন, বানত সকলো হৈ পৰিছে সৰ্বহাৰা বানৰ কবলত, বানত ঘৰ -বাৰী হেৰুৱাই সৰ্বশান্ত হৈ হিয়া ভাঙি পৰিছে বহুলোকৰ এক দুখময় পৰিবেশৰ ৷ চিয়াং-লালী নদীৰ বানৰ কৱলত পৰা জোনাইৰ বেৰাচাপৰি অঞ্চলৰ বানাক্ৰান্ত পৰিয়াল সমূহে এমাহৰো অধিক দিন ধৰি জোনাই বালিকা উচ্চ মাধ্যমিক বিদ্যালয়ৰ বান শিবিৰত আশ্ৰয় লৈ আছে । এনে সময়তে আজি জোনাই বালিকা উচ্চ মাধ্যমিক বিদ্যালয়ৰ বান শিবিৰত থকা বানাক্ৰান্ত সকলক অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিসদ জোনাই আঞ্চলিক সমিতিয়ে এসাজ ভাতৰ যোগান ধৰে।

বান শিবিৰত আশ্ৰয় গ্ৰহণ কৰি থকা এশৰো অধিক বানাক্ৰান্ত লোকক অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ জোনাই আঞ্চলিক সমিতিয়ে মাছ, মাংসৰ সৈতে এসাজ ভাতৰ যোগান ধৰে। অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ ধেমাজি জিলা সমিতিৰ সভাপতি জ্ঞান শৰ্মা, উপসভাপতি নীল গগৈ, সাংগঠনিক সম্পাদক ধীৰাজ মিৰি, প্ৰচাৰ সম্পাদক জিতেন মিলি , জোনাই আঞ্চলিক সমিতিৰ সভাপতি খগেন ডকা, উপসভাপতি ৰত্নেশ্বৰ মিৰিৰ লগতে জোনাই আঞ্চলিকৰ সকলো বিষববীয়ৰ উপস্থিতিত বান শিবিৰত আশ্ৰয় লৈ থকা বানাক্ৰান্ত লোকক আহাৰ যোগান ধৰে৷ আশ্ৰয় শিবিৰত আশ্ৰয় লৈ থকা বানাক্ৰান্ত পৰিয়ালে এনে কাৰ্য্যক শলাগ লৈছে উদ্যোক্তা সকলক ।

You might also like