নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

নতুন বজাৰ সন্মিলিত সাংস্কৃতিক মঞ্চৰ উদ্যোগত ‘ব’হাগী উৎসৱ’; লাইখুটা স্থাপন

নিয়মীয়া বাৰ্তা, ১৬ এপ্ৰিলঃ মহামাৰী ক’ভিডৰ ভয়াবহতাৰ বাবে দুটা বছৰ বিৰতিৰ পিছত মাজুলীৰ অন্যতম সাংস্কৃতিক অনুষ্ঠান নতুন বজাৰ সন্মিলিত সাংস্কৃতিক মঞ্চই ৮ আৰু ৯ ব’হাগ (ইংৰাজী ২২ আৰু ২৩ এপ্ৰিল) তাৰিখে দুদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত কৰিছে ব’হাগী উৎসৱ৷ উজনি মাজুলীৰ নতুন বজাৰ বিহুতলীত অনুষ্ঠিত হ’ব লগীয়া ব’হাগী উৎসৱৰ কাৰ্যসূচী অনুসৰি ৮ ব’হাগৰ পুৱা ৬ বজাত সামুহিক চাফাই, পুৱা ৭ বজাত বিহু পতাকা উত্তোলন, পুৱা ৮ বজাত গছপুলি ৰোপণ, পুৱা ৯ বজাত স্মৃতি তৰ্পণ, ৯.৩০ বজাত চিত্ৰাংকণ আৰু ভেশছন প্ৰতিযোগিতাৰ অন্তত দুপৰীয়া ১২ বজাৰ পৰা সৰু বিহুৱতী প্ৰতিযোগিতা আৰু সন্ধ্যা ৬ বজাৰ পৰা সদৌ অসম ভিত্তিত বৰ বিহুৱতী প্ৰতিযোগিতা অনুষ্ঠিত হ’ব৷ অন্যহাতে দ্বিতীয় দিনা অৰ্থাৎ ৯ ব’হাগৰ দিনা পুৱা ১০ বজাৰ পৰা বিভিন্ন জাতি জনগোষ্ঠী সমূহৰ কৃষ্টি প্ৰদৰ্শনৰ পিছতে দুপৰীয়া ১২ বজাৰ পৰা মুকলি সভা অনুষ্ঠিত হ’ব৷ সন্ধ্যা ৭ বজাৰ পৰা অসমৰ জনপ্ৰিয় কণ্ঠশিল্পী আচুৰ্য বৰপাত্ৰই গীত পৰিৱেশন কৰিব৷ প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিবৰ বাবে ৮৪৭১৯-১৮৪০২,৯৯৫৭২-২৫৮৫৯ নম্বৰত যোগাযোগ কৰিব পাৰিব বুলি নতুন বজাৰ সন্মিলিত সাংস্কৃতিক মঞ্চৰ সভাপতি পংকজ খনিকৰ আৰু সাধাৰণ সম্পাদক নিতুল সেনাপতিয়ে জানিবলৈ দিছে৷

প্ৰেৰকঃ ৰূপজ্যোতি বৰা

You might also like