নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

দিলিঙ্গা ৰাজহুৱা খেল পথাৰত নতুনকৈ নিৰ্মাণ কৰা সূৱৰী ৰঙ্গ মঞ্চ উদ্বোধন

নিয়মীয়া বাৰ্তা, ১৮জানুৱাৰী: ৰাভা হাছং স্বায়ত্ব শাসিত পৰিষদৰ কাৰ্য্যবাহী পাৰিষদ নগৰমল স্বৰ্গীয়াৰীৰ তৎপৰতাত পৰিষদৰ বিত্তীয় পূজিৰে আজি কামৰূপ জিলাৰ বণিয়াভিঠাত বিতৰণ কৰে কম্বল। ৰাভা হাছং স্বায়ত্ব শাসিত পৰিষদৰ ২৯ নং পৰিষদীয় সমষ্টিৰ এলেকাৰ দৰিদ্ৰ সীমাৰেখাৰ তলৰ হিতাধিকাৰীৰ মাজত যথেষ্ঠ সংখ্যক পৰিয়ালক বিতৰণ কৰে গৰম কম্বল। জানিব পৰা মতে ; পৰিষদৰ ২০২২/২৩ বৰ্ষৰ সাহাৰ্য্য পূজিৰে গাওঁৰ পৰিয়ালক প্ৰদান কৰে উন্নত মানৰ গৰম কম্বল। ইফালে ৰাভা হাছং স্বায়ত্ব শাসিত পৰিষদৰ পূজিৰ জৰিয়তে পোৱা কম্বল পাই হিতাধিকাৰী সকল উৎসাহিত হয়। আনহাতে যোৱা কালি হৈ যোৱা শিল্পী দিৱসৰ লগত সংগতি ৰাখি দিলিঙ্গা ৰাজহুৱা খেল পথাৰত নতুনকৈ নিৰ্মাণ কৰা সূৱৰী ৰঙ্গ মঞ্চ খনো আনুষ্ঠানিক ভাৱে উদ্বোধন কৰে নগৰমল স্বৰ্গীয়াৰীয়ে। উল্লেখ্য যে ; দিলিঙ্গাত দিলিঙ্গা ছাত্ৰ সন্মিলনৰ উদ্যোগত আয়োজন কৰা হৈছিল দিনযোৰা কাৰ্য্যসুচীৰে বিপ্লৱী কবি তথা শিল্পী জ্যোতিপ্ৰসাদ আগৰৱালাৰ মৃত্যু তিথিত পালন কৰা শিল্পী দিৱস।দিলিঙ্গা ছাত্ৰ সন্মিলনৰ উদ্যোগত আয়োজন কৰা শিল্পী দিৱসত ছাত্ৰ ছাত্ৰীৰ বৌদ্ধিক জ্ঞানৰ লগতে কৌশলী জ্ঞানৰ প্ৰতিযোগিতা অনুষ্ঠিত কৰা হয়। এই অনুষ্ঠানতে পৰিষদৰ পূজিৰে নতুনকৈ নিৰ্মাণ কৰা বৃহৎ আকাৰৰ পূৰ্ণ ৰঙ্গ মঞ্চ ( সূৱৰী মঞ্চ ) আনুষ্ঠানিক ভাৱে উদ্বোধন কৰে নগৰমল স্বৰ্গীয়াৰীয়ে। ইফালে মঞ্চ খনৰ যোগেদি সমাজ আৰু সামাজিক সভা সমিতি অনুষ্ঠিত কৰাৰ উপৰিও সাংস্কৃতিক অনুষ্ঠান অনুষ্ঠিত কৰা আদি কামত অঞ্চলস্থ ৰাইজৰ মহৎ উপকাৰ হ’ব বুলি জানিব দিয়ে স্বৰ্গীয়াৰীয়ে। লগতে দুয়োটা কাৰ্য্যসুচীতে অঞ্চলবাসী ৰাইজৰ সহায় সহযোগ প্ৰসংশনীয় বুলি জানিব দিয়ে উদ্যোক্তা মণ্ডলীয়ে।

প্ৰেৰক – বকোৰ পৰা বিষ্ণু ৰাম দাস।

You might also like