নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বিজেপিৰ প্রচাৰত নেতৃত্ব দি প্রধানমন্ত্রীয়ে অংশ ল’ব ২৫ সমাৱেশত

নিয়মীয়া বাৰ্তা, ২০ নৱেম্বৰ: গুজৰাটত সপ্তমবাৰৰ বাবে শাসনৰ গাদীত অধিষ্ঠিত হোৱাৰ লক্ষ্যৰে বিজেপিৰ প্রচাৰত নেতৃত্ব দিব প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে৷ প্রধানমন্ত্রীৰ গৃহ ৰাজ্যত অহা ১ আৰু ৫ ডিচেম্বৰত দুটা পর্যায়ত ভোটগ্রহণ হ’বলগীয়া ১৮২জনীয়া বিধানসভাৰ নির্বাচনত অতি জনপ্রিয় প্রধানমন্ত্রী মোদীকেই প্রধান অস্ত্র হিচাপে লৈছে বিজেপিয়ে৷ ৰাজ্যখনত প্রধানমন্ত্রী মোদীয়ে ২৫তকৈ অধিক নির্বাচনী সমাৱেশত অংশগ্রহণ কৰিব৷ আজি সন্ধিয়াৰে পৰা প্রধানমন্ত্রী মোদীয়ে ৰাজ্যখনত তিনিদিনীয়া কার্যসূচীৰে উপস্থিত হৈ বিজেপিৰ হৈ নির্বাচনী প্রচাৰ অভিযানত অংশগ্রহণ কৰিব৷ প্রধানমন্ত্রীৰ উপৰি গৃহমন্ত্রী অমিত শ্বাহ আৰু বিজেপিৰ ৰাষ্ট্রীয় সভাপতি জে পি নাড্ডাই ১৫খনকৈ নির্বাচনী সমাৱেশত অংশগ্রহণ কৰিব৷

You might also like