নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মোদীক লৈ বিবিচিৰ বিতর্কিত তথ্যচিত্র; ক্ষুব্ধ ভাৰত

নিয়মীয়া বাৰ্তা, ২০জানুৱাৰী: প্রধানমন্ত্রী নৰেন্দ্র মোদীক লৈ বিবিচিয়ে নির্মাণ কৰা এক তথ্যচিত্র সন্দর্ভত তীব্র প্রতিক্রিয়া প্রকাশ কৰিছে ভাৰতে৷ আজি দেশত বিদেশ মন্ত্রালয়ে প্রধানমন্ত্রী মোদীক লৈ অপপ্রচাৰ আৰু বদনাম কৰা বুলি এই তথ্যচিত্রখন সন্দর্ভত সমালোচনা কৰিছে৷ অকল সেয়াই নহয়, বিদেশ মন্ত্রালয়ৰ মুখপাত্র অৰিন্দম বাগচীয়ে ২০০২ৰ গুজৰাটৰ সাম্প্রদায়িক সংঘর্ষৰ প্রসংগৰে প্রধানমন্ত্রী মোদীৰ অপপ্রচাৰ কৰা বুলি বিবিচিক কটাক্ষ কৰাৰ উপৰি বিবিচিৰ ঔপনিৱেশিক ধ্যান–ধাৰণা সলনি হোৱা নাই বুলিও উল্লেখ কৰিছে৷

You might also like