নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

নগাঁৱত ছিণ্ডিকেটৰে জড়িত আৰক্ষী জোৱানক গ্রেপ্তাৰ

নিয়মীয়া বার্তা, ২৮ ডিচেম্বৰ: নগাঁৱৰ আৰক্ষী অধীক্ষক আনন্দ মিশ্রহ চোৰাং গৰু সৰবৰাহৰ বিৰুদ্ধে কঠোৰ পদক্ষেপ গ্রহণ কৰাৰ সময়তো নগাঁৱৰ একাংশ আৰক্ষীয়ে ধনৰ লোভত চোৰাং গৰু সৰবৰাহকাৰীক সহযোগ কৰাৰ তথ্য পোহৰলৈ অহাত জিলাখনত তীব্র প্রতিক্রিয়া সৃষ্টি হৈছে৷ কালি নগাঁৱৰ আৰক্ষী অধীক্ষক মিশ্রহ বৰঘাট আৰক্ষী চকীৰ এজন কনিষ্টবল আৰু এজন গৃহৰক্ষী জোৱানৰ লগতে আন আৰক্ষী থানাৰো একাংশ তলখাপৰ আৰক্ষী এহ চোৰাং গৰু সৰবৰাহকাৰী চক্রৰ সৈতে জডিত থকাৰ তথ্য তেওঁ লাভ কৰা বুলি সাংবাদিকৰ আগত প্রকাশ কৰিছিল৷ হয়াৰ পাছতেহ আজি নগাঁও আৰক্ষী অধীক্ষকৰ নির্দেশত নগাঁও আৰক্ষীয়ে চোৰাং গৰু সৰবৰাহকাৰী চক্রৰ লগত জডিত থকাৰ অভিযোগত অভিযুক্ত বৰঘাট আৰক্ষী চকীৰ কনিষ্টবল পংকজ গায়নক গ্রেপ্তাৰ কৰে৷ উল্লেখ্য যে নগাঁও আৰক্ষীয়ে এহ কনিষ্টবলজনক কালিয়েহ আটক কৰি সোধা–পোছা কৰিছিল৷ কালি নিশাহ এহ কনিষ্টবলজনৰ সৈতে বৰঘাট আৰক্ষী চকীত কর্মৰত হোমগার্ড ৰজিকুল আমিনকো আৰক্ষীয়ে আটক কৰাৰ কথা সদৰী কৰিছিল যদিও   হোমগার্ডজনে পলায়ন কৰা বুলিহে প্রকাশ কৰে৷ গৃহৰক্ষীৰ জোৱান ৰজিকুল আমিনে পলায়ন কৰাৰ কথা আৰক্ষী সূত্রহ প্রকাশ কৰিছে যদিও এহ তথ্যই ৰহস্য সৃষ্টি কৰিছে৷ উল্লেখ্য যে এহ হোমগার্ডজনে বৰঘাট আৰক্ষী চকীৰ গাড়ীচালক হিচাপে কর্মৰত আছিল৷ হপিনে, চোৰাং গৰু সৰবৰাহকাৰী দলৰ সৈতে জডিত থকা জিলাখনৰ আন কেহবাজনো আৰক্ষী জোৱানৰ বিৰুদ্ধে তদন্ত চলি আছে বুলিও আৰক্ষী সূত্রহ জনাহছে৷ এখন সংবাদ মেলযোগে নগাঁৱৰ আৰক্ষী অধীক্ষক আনন্দ মিশ্রহ কয়– অসম আৰক্ষী শূন্য সহনশীলতাৰ নীতি অনুসৰি চলি আছে৷ অপৰাধজনিত ঘটনাৰ লগত জড়িত কোনো লোক সাৰি যাব নোৱাৰে৷ সেয়া আৰক্ষীৰ লোকেহ হওক বা আন ক্ষেত্রৰ লগত জড়িত লোকেহ হওক বা আন কোনো ব্যক্তি অপৰাধজনিত ঘটনাৰ লগত জড়িত হ’লে সকলো লোকৰ বিৰুদ্ধে ব্যৱস্থা গ্রহণ কৰা হ’ব৷ নগাঁৱত অবৈধ কাম–কাজৰ বিৰুদ্ধে অভিযান চলি আছে৷ এহ অভিযানৰ অংশ হিচাপে কালি এজন আৰক্ষী কনিষ্টবলক গ্রেপ্তাৰ কৰা হৈছে৷ এজন গৃহৰক্ষী বাহিনীৰ জোৱান পলাহ গৈছে যদিও তেওঁক শীঘ্রেহ কৰায়ত্ত কৰা হ’ব৷ সাংবাদিকে বৰঘাট আৰক্ষী চকীৰ লগতে আন আৰক্ষী থানা বা চকীৰ আৰক্ষী জোৱান জড়িত আছে নেকি বুলি প্রশ্ণ কৰাত আৰক্ষী বিষয়াগৰাকীয়ে কয়– কোন কোন জড়িত আছে, সেহ বিষয়ে আমাৰ তদন্ত চলি আছে৷ আমি যদি কৰোবাৰ বিৰুদ্ধে অপৰাধজনিত ঘটনাৰ লগত জড়িত হোৱাৰ প্রমাণ পাওঁ, তেন্তে আমি দুবাৰ নাভাবোঁ৷ কঠোৰ ব্যৱস্থা গ্রহণ কৰিম৷ আমাৰ দুগুণ দায়বদ্ধতা আছে৷ আমি ৰক্ষক হওঁ, ভক্ষক হ’ব নিদিওঁ৷ তেওঁ লগতে কয়– আমি অসম আৰক্ষীৰ নীতি অনুসৰি কাম কৰি আছেছা৷ অসম আৰক্ষীৰ নীতি জনহিতার্থে জনসেৱাৰ বাবে কাম কৰি আছোঁ৷ হয়াৰ বিৰুদ্ধে যিসকলে কাম কৰিব, তেওঁলোকৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্রহণ কৰা হ’ব বুলি আৰক্ষী অধীক্ষকগৰাকীয়ে সকলোকে সর্তক কৰি দিয়ে৷

You might also like