নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মংগল গ্ৰহত হাতীসদৃশ প্ৰাণী আছে, ৰঙা গ্ৰহত জীৱনৰ সন্ধান

বিশেষ বাৰ্তা, ১৭ জুনঃ আমেৰিকাৰ মহাকাশ গৱেষণা সংস্থা নাছাই মংগল গ্ৰহত জীৱৰ সন্ধানত নিয়োজিত হৈ আছে। কিন্তু মানুহে কেৱল ছবি চায়েই বেলেগ বেলেগ দাবী কৰিছে। স্বঘোষিত এলিয়েন গৱেষক স্কট ৱাৰিঙে মংগল গ্ৰহৰ ফটোত এটা অদ্ভুত চেহেৰাৰ বস্তু আৱিষ্কাৰ কৰিছে। মংগল গ্ৰহৰ ভূমি অধ্যয়ন কৰি থাকোঁতে তেওঁ শিলবোৰৰ মাজত এটা অদ্ভুত আকৃতি লক্ষ্য কৰিলে। তেওঁ ইয়াক হাতী সদৃশ প্ৰাণী বুলি বৰ্ণনা কৰিছে। নিজৰ ৱেবচাইটত তেওঁ লিখিছে, ‘আজি মই মংগল গ্ৰহৰ ফটোখনত এটা অতি আকৰ্ষণীয় কথা আৱিষ্কাৰ কৰিছোঁ। এটা সৰু শুৰ থকা হাতী সদৃশ প্ৰাণী। সি বহি বাওঁফালে চাই আছে। ইয়াৰ মুখখন ডাঙৰ, ওঁঠ ডাঠ, মুখ খোলা, নাকটো ঘূৰণীয়া আৰু দুটা চকু। তেওঁ আৰু কয় যে নিঃসন্দেহে এইবোৰ মংগল গ্ৰহত জীৱনৰ চিন। ছবিৰ পৰা বিভিন্ন বস্তু দেখাৰ সন্দৰ্ভত স্কটে বিগত সময়ছোৱাত বহু দাবী কৰিছিল। এবাৰ তেওঁ মংগল গ্ৰহত বান্দৰ আছে বুলি দাবী কৰিছিল। স্কটে কৈছে যে কিয় জীৱবিজ্ঞানী আৰু প্ৰাণীবিজ্ঞানীৰ মনোযোগ এইবোৰলৈ যোৱা নাই।

You might also like