নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

“নগাওঁ জিলাৰ কুঠৰীৰ সুধাকণ্ঠ ডঃ ভূপেন হাজৰিকাৰ বাসগৃহ সংৰক্ষণৰ কাম শীঘ্ৰে আৰম্ভ কৰা হব।” – মন্ত্ৰী বিমল বৰা

  নিয়মীয়া বাৰ্তা, ৩ জুন : নগাওঁ জিলাৰ কলিয়াবৰৰ কুঠৰীস্থিত সুধাকণ্ঠ ডঃ ভূপেন হাজৰিকাৰ বাসগৃহ সংৰক্ষণ আৰু পুনৰ নিৰ্মাণৰ কাম এসপ্তাহৰ ভিতৰত আৰম্ভ কৰিব ৰাজ্য চৰকাৰে। কালি সন্ধিয়া কলিয়াবৰৰ কুঠৰীত উপস্থিত হৈ প্ৰকাশ কৰে অসম চৰকাৰৰ সাংস্কৃতিক, পৰ্যটন, শক্তি বিভাগৰ মন্ত্ৰী বিমল বৰাই এই কথা।কালি মন্ত্ৰী গৰাকীয়ে ডঃ ভূপেন হাজৰিকাৰ বাস গৃহ পৰিদৰ্শন কৰি মন্ত্ৰী বৰাই কয়, “এই বাসগৃহটোত ডঃ হাজৰিকাৰ বহু স্মৃতি সোমাই আছে। ডঃ হাজৰিকা আছিল উৰণীয়া মৌ। উজনিলৈ অহা যোৱা কৰিলে এই ঘৰটোতে তেওঁ জিৰণিলৈ শান্তি পাইছিল।” তদানীন্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱাল নেতৃতাধীন চৰকাৰৰ মাজুলীত অনুষ্ঠিত প্ৰথমখন কেবিনেট বৈঠকতে ডঃ ভূপেন হাজৰিকাৰ কুঠৰীস্থিত ঘৰ খনৰ লগতে প্ৰায় ৭ বিঘা ভূমিৰ চৌহদত এক সাংস্কৃতিক প্ৰকল্প নিৰ্মাণৰ প্ৰস্তাৱ গ্ৰহণ কৰা হৈছিল যদিও ভূমি কেন্দ্ৰিক আসোৱাহৰ বাবে এই কাম বিশেষ আগবঢ়া নাছিল। এতিয়া নতুন চৰকাৰে এই বিষয়টো ক্ষিপ্ৰতাৰে আগুৱাই নিবৰ বাবে চিন্তা চৰ্চা কৰিছে।

সেই ভূমি কেন্দ্ৰিক সমস্যাসমূহ সমাধানৰ বাবে সাংস্কৃতিক বিভাগে সংশ্লিষ্ট পক্ষৰ লগত আলোচনা চলাই আছে। শীঘ্ৰে ইয়াৰ সমাধান হব। পূৰ্বৰ অৱয়ব অক্ষুন্ন ৰাখি ইয়াৰ সংৰক্ষণ কৰা হব” বুলি মন্ত্ৰী গৰাকীয়ে জানিবলৈ দিয়ে।
আনহাতে কুঠৰীস্থিত শিল্প প্ৰাণ চন্দ্ৰ ফুকনৰ বাস গৃহ পৰিদৰ্শন কৰি মন্ত্ৰী গৰাকীয়ে শিল্প প্ৰাণ চন্দ্ৰ ফুকনৰ সোঁৱৰণীত নিৰ্মিয়মান পৰ্যটন ক্ষেত্ৰ অতি সোনকালে কাম সম্পূৰ্ণ কৰিবলৈ ঠিকাদাৰক নিৰ্দেশ দিয়া বুলি সাংবাদিকক জানিব দিয়ে।
মন্ত্ৰী গৰাকীৰ এই পৰিদৰ্শনৰ সময়ত সাংসদ কামাখ্যা প্ৰসাদ তাছা, অসম পৰ্যটন বিভাগৰ অতিৰিক্ত মুখ্য সচিব পৱন কুমাৰ বৰঠাকুৰ, সঞ্চালক মধুমিতা ভাগৱতী, অসম পৰ্যটন উন্নয়ন নিগমৰ পৰিচালন সঞ্চালক দেৱ কুমাৰ মিশ্ৰ, কাৰ্যবাহী অভিযন্তা প্ৰভাষ শৰ্মা, কলিয়াবৰ মহকুমাৰ মহকুমাধিপতি পবিত্ৰ কুমাৰ দাস,চক্ৰ বিষয়া অন্তৰা সেনকে ধৰি পৰ্যটন বিভাগৰ ভালেকেইগৰাকী বিষয়া উপস্থিত থাকে।

You might also like