নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ক’ভিড পজিটিভ শহুৰেকক বোকাছাত তুলি চিকিৎসালয়ত উপস্থিত এগৰাকী সাহসী বোৱাৰী

নিয়মীয়া বাৰ্তা, ৩জুন: এখন বিশেষ  ফটো। এগৰাকী মহিলাৰ বোকোছাত এজন পুৰুষ। অসুস্থ ব্যক্তি গৰাকীক বোকোছা কৰি মহিলা গৰাকীয়ে ডাঙি নিছে এখন বাহনৰ ওচৰলৈ। পিছে বোৱাৰী গৰাকীয়ে কিয় এনেদৰে ডাঙি নিব লগা হৈছে সেয়া কোনেও নাজানে। এই মহিলা গৰাকী এগৰাকী বোৱাৰী। ৰহা পৌৰসভাৰ তিনি নং ৱাৰ্ডৰ বাসিন্দা বোৱাৰী গৰাকীৰ নাম নিহাৰীকা দাস।

স্বামী কৰ্মসূত্ৰে অসমৰ বাহিৰত  থকাত একমাত্ৰ পুত্ৰৰ সৈতে শহুৰৰ সৈতে থাকে ঘৰত। কিন্তু দুদিনমানৰ পৰা শহুৰ থুলেশ্বৰ দাসৰ জ্বৰ হোৱাত চিকিৎসাৰ বাবে বুধবাৰে ৰহা ৰাজ্যিক চিকিৎসালয়লৈ নিবলৈ বুলি ওচৰ চুবুৰীয়াৰ কোনো লোকক লগ ধৰিছিল। কিন্তু জ্বৰ হৈ থকাৰ বাবে কোনোলোক ওচৰ চাপবলৈ নিবিচৰাত বোৱাৰী নিহাৰিকাই নিজে ল’লে এক সাহসী সিদ্ধান্ত। বোৱাৰী নিহাৰীকাই অতি সাহসেৰে শহুৰেকক বোকোচাত তুলি গাড়ীত উঠাই লৈ গ’ল চিকিৎসালয়লৈ। পাছে চিকিৎসালয়ত কভিড পৰীক্ষাত শহুৰ আৰু বোৱাৰী গৰাকীৰো পজিটিভ হোৱাত পুনৰ বিমোৰত পৰিল নিহাৰীকা। কিন্তু তেতিয়াও তিলমানো বিচলিত নহৈ অসুস্থ শহুৰেকক এম্বুলেন্সত তুলি একেলগে নগাঁৱৰ উজৰাগাঁৱস্থিত  কভিড কেয়াৰ চেন্টাৰলৈ গ’ল।

উক্ত কেন্দ্ৰত অক্সিজেনৰ কোনো ব্যৱস্থা নথকাত পুনৰ নগাঁও অসামৰিক চিকিৎসালয়লৰ ক’ভিড কেয়াৰ কেন্দ্ৰত ভৰ্তি কৰে।  উল্লেখ্য যে, ক’ভিড পজিটিভ ৰোগী হোৱা বাবে বহু সময়ত পৰিয়াল তথা আত্মীয় স্বজনৰ পৰাও এলাগী হোৱা উদাহৰণ বহু সময়ত পোৱা যায় যদিও ৰহাৰ এইগৰাকী বোৱাৰী নিহাৰীকা দাসৰ এনে সাহসিকতাই সকলোৰে প্ৰশংসা লাভ কৰিছে।

নিহাৰীকাৰ ভাষ্য অনুসৰি শহুৰকক পিতৃ জ্ঞান কৰে তেঁও আৰু শহুৰেকেও বোৱাৰী নিহাৰীকাক নিজৰ কন্যাৰ দৰে স্নেহ প্ৰদান কৰে। পিতৃ গৃহত জন্মলৈ ডাঙৰ দীঘল হ’লো যদিও বিয়া হোৱাৰ পাছৰ পৰাই শহুৰককো পিতৃ জ্ঞান কৰি লালন পালন কৰি আহিছে। সেহে শহুৰ-বোৱাৰীৰ সম্বন্ধৰ পাৰ্থক্য নাৰাখি পিতৃ-কন্যাৰ এনাজৰীৰে শহুৰেকক সুস্থ কৰিব বিচাৰে। অন্যহাতে এম্বুলেন্সৰ পৰা নামিব নোৱাৰা তথা শাৰীৰিক অসুস্থতাৰ বাবে খোজ কাঢ়িব নোৱাৰ শহুৰেকক নগাঁও অসামৰিক চিকিৎসালয়ৰ তিনিমহলাত থকা কভিড কেয়াৰ কেন্দ্ৰলৈ কঢ়িয়াই নিবলৈ কেইবাজনো লোকক কাকূতি কৰিছিল যদিও কোনেও ওচৰ চাপি নহাত নিজে পুনৰ বোকোছাত তুলি তিনিমহলালৈকে কঢ়িয়াই নিয়ে।

জানিব পৰামতে নিহাৰীকাৰ এটি ছয় বছৰীয়া পুত্ৰ সন্তান আছে যদিও সন্তানটিক মাকৰ ঘৰলৈ পঠাই দি নিজে শহুৰেকক সুস্থ কৰি তুলিবলৈ চেষ্টা চলাইছে। নিহাৰীকাৰ এনে কৰ্ম যেন সকলোৰে আদৰ্শ হওঁক আৰু এই কৰ্মৰ বাবে সকলোৱে উচ্চ প্ৰশংসাও কৰিছে।

You might also like