নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

পৰ্বতঝোৰাত আন্তৰ্জাতিক যোগ দিৱস উদযাপন

নিয়মীয়া বাৰ্তা, ২১ জুন: কোকৰাঝাৰ জিলাৰ পৰ্বতঝোৰা মহকুমা প্ৰশাসনৰ উদ্যোগত স্থানীয় ডুলিগাঁও ৰাজহুৱা প্ৰেক্ষাগৃহত আজি পুৱা ৭ বজাৰ পৰা অষ্টমসংখ্যক  আন্তৰ্জাতিক যোগ দিৱস উদযাপন কৰা হয়। আজিৰ এই যোগ দিৱস উদযাপন উপলক্ষে আদৰণী ভাষণ আগবঢ়ায় অতিৰিক্ত উপায়ুক্ত তথা পৰ্বতঝোৰা মহকুমাৰ ভাৰপ্ৰাপ্ত মহকুমাধিপতি অনছুলা বসুমতাৰীয়ে। উল্লেখ্য যে বিটিচিৰ প্ৰধান সচিব অনুৰাগ গোৱেলক মহকুমাধিপতিৰ আহ্বান মৰ্মে আৰণাইৰে সম্বৰ্ধনা জনায় বগৰীবাৰী ৰাজহ চক্ৰ বিষয়া দেৱজ্যোতি গগৈয়ে । বন্তি প্ৰজ্জ্বলনৰ শুভাৰম্ভণি কৰে আজিৰ অনুষ্ঠানৰ মুখ্য অতিথি বিটিচিৰ প্ৰধান সচিব অনুৰাগ গোৱেলে। তেখেতে যোগে মন আৰু শৰীৰ দুয়োটাকে সুস্থ ৰাখে বুলি কৈ যোগৰ লাভালাভ আৰু এই দিৱসৰ প্ৰয়োজনীয়তা সম্পৰ্কে চমু ভাষণ আগবঢ়ায়। অনুষ্ঠানত বগৰীবাৰীৰ যোগ শিক্ষক দিলীপ কুমাৰ পাল আৰু ৰাজীৱ চন্দ্ৰ দাসৰ লগতে একাংশ কণ কণ শিশুৱে বিভিন্ন যোগ প্ৰদৰ্শন কৰি ৰাইজক উৎসাহিত কৰে।

আজিৰ এই অনুষ্ঠানত মহকুমাধিপতিগৰাকীয়ে নিজেই আৰণাইৰে ডুলিগাঁৱৰ স্থানীয় গাঁওবুঢ়া সূৰয ব্ৰহ্মক সম্বৰ্ধনা জনোৱাৰ লগতে যোগ শিক্ষক দিলীপ পাল আৰু ৰাজীৱ দাসকো সম্বৰ্ধনা জনোৱা হয়। মহকুমাধিপতি অনছুলা বসুমতাৰী, বগৰীবাৰী ৰাজহ চক্ৰ বিষয়া দেৱজ্যোতি গগৈৰ লগতে পাঞ্জামুতি ব্ৰহ্ম, সহকাৰী আয়ুক্ত অজিতাভ ভৌমিক, দেৱীতোলা উন্নয়ন খণ্ডৰ খণ্ড উন্নয়ন বিষয়া মানসজ্যোতি মালাকাৰ, টিচিএল চিচিৰ সভাপতি উত্তম হাজোৱাৰীৰ  লগতে ভালেসংখ্যক বিষয়া-কৰ্মচাৰীৰ উপৰি একাংশ শিক্ষক আৰু স্থানীয় লোকে আজিৰ যোগ দিৱসত অংশগ্ৰহণ কৰে। আজিৰ এই যোগ দিৱসৰ কাৰ্যসূচীত প্ৰতিকুল বতৰকো নেওচি যথেষ্টসংখ্যক লোক উপস্থিত থাকে বুলি মহকুমা তথ্য আৰু জনসংযোগ বিষয়া বিজয় বেজবৰুৱাই জানিবলৈ দিয়ে।

You might also like