নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মহীশূৰ পেলেচত যোগ দিৱসৰ কাৰ্যসূচীত ভাগ ল’লে প্ৰধানমন্ত্ৰী মোদীয়ে; উপস্থিত কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল

নিয়মীয়া বাৰ্তা, ২১ জুন: আজি আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস। এই উপলক্ষে দেশৰ বিভিন্ন প্ৰান্তৰ ৰাইজে পুৱাই যোগৰ জৰিয়তে সুস্থ হৈ থকাৰ সংকল্প লয়। অষ্টম আন্তঃৰাষ্ট্ৰীয় যোগ দিৱসত আজি কৰ্ণাটকৰ মহীশূৰ পেলেচ গ্ৰাউণ্ডত উপস্থিত হয় প্ৰধানমন্ত্ৰী মোদী। এই সময়ছোৱাত তেওঁ তাত উপস্থিত ১৫,০০০ লোকৰ সৈতে যোগাসন কৰে। প্ৰধানমন্ত্ৰী মোদীৰ লগতে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল, মুখ্যমন্ত্ৰী বাসৱৰাজ বম্মাইকে ধৰি বহুকেইগৰাকী বিশিষ্ট ব্যক্তি উপস্থিত থাকে।

এই যোগ দিৱসৰ কাৰ্যসূচীত অংশ লৈ প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে যুগ যুগ ধৰি ভাৰতৰ আধ্যাত্মিক কেন্দ্ৰসমূহে যি যোগ শক্তিক লালন-পালন কৰি আহিছে, আজি সেই যোগ শক্তিয়ে বিশ্ব স্বাস্থ্যক দিশ দেখুৱাই আহিছে। আজি যোগে মানুহক সুস্থ জীৱনৰ আত্মবিশ্বাস প্ৰদান কৰিছে। যোগৰ পৰা লাভ কৰা শান্তি কেৱল ব্যক্তিকেন্দ্ৰিক নহয়, ই আমাৰ দেশ আৰু বিশ্বৰ বাবে শান্তি আনিছে।

“যোগ কেৱল কোনো ব্যক্তিৰ বাবেই নহয়, সমগ্ৰ মানৱজাতিৰ বাবে। সেইবাবেই আন্তঃৰাষ্ট্ৰীয় যোগ দিৱসৰ এইবাৰৰ বিষয়বস্তু হৈছে ‘মানৱতাৰ বাবে যোগ’,”- প্ৰধানমন্ত্ৰী মোদীয়ে এইদৰে কয়।

উল্লেখ্য যে, ভাৰতৰ স্বাধীনতাৰ ৭৫ বছৰৰ প্ৰতি লক্ষ্য ৰাখি আয়ুষ মন্ত্ৰালয়ে এইবাৰ যোগ দিৱস উদযাপনৰ বাবে দেশৰ ঐতিহ্যপূৰ্ণ ৭৫ টা স্থান চিনাক্ত কৰিছিল। বহুকেইগৰাকী কেন্দ্ৰীয় মন্ত্ৰীয়ে এই অনুষ্ঠানসমূহত উপস্থিত থাকে।

You might also like