নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ফৰকাটিং মহাবিদ্যালয়ত “soft skill” ৰ প্ৰয়োজনীয়তা আৰু প্ৰাসংগিকতা সভা

নিয়মীয়া বাৰ্তা,১নৱেম্বৰঃ গোলাঘাট জিলাৰ ফৰকাটিং মহাবিদ্যালয় জ্যোতি-বিষ্ণু প্ৰেক্ষাগৃহত কালি  “soft skill” ৰ প্ৰয়োজনীয়ত আৰু প্ৰসংগিকতা  সভা অনুষ্ঠিত হৈ যায়।  অনুষ্ঠানটি আঁত ধৰে ইংৰাজী  বিভাগৰ মুৰবী সহযোগী অধ্যাপক ড° দেৱাশিষ বৰুৱাই।সভাত সমল ব্যক্তি হিচাপে উপস্থিত থাকে বিশিষ্ট যোগা-যোগ কলাৰ প্ৰশিক্ষক তথা লেখক দেৱজিত শইকীয়াই ছাত্ৰ-ছাত্ৰীক উদ্দেশি “soft skill”, যোগা-যোগ কলা ,আবেগিক বুদ্ধিমাত্তা , শাৰীৰিক ভাষা অধ্যয়ন , মৌখিক যোগা-যোগ আদি বিভিন্ন দিশত বহুমূলীয়া বক্তব্য দাঙি ধৰে। অনুষ্ঠানটিত মহাবিদ্যালয়ৰ শিক্ষক-শিক্ষয়িত্ৰী আৰু ডেৰ শতাধিক ছাত্ৰ-ছাত্ৰী উপস্থিত থাকে। সামৰণি ভাষণ প্ৰদান কৰে মহাবিদ্যালয়ৰ অধ্যক্ষ ড° অপূৰ্ব শইকীয়াই। অনুষ্ঠানটিৰ শলাগৰ শৰাই আগবঢ়াই শিক্ষাতত্ত্ব বিভাগৰ  মুৰবী সহযোগী  অধ্যাপক অপূৰ্ব ৰঞ্জন দত্তই।

You might also like