নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বকোৰ জনপ্ৰিয় বাঁহী আৰু চেক্স’ফোন বাদক সঞ্জীৱ ৰাভাৰ চিকিৎসাৰ বাবে বৰঙনি সংগ্ৰহ শিল্পী সমাজৰ

নিয়মীয়া বাৰ্তা;১৩ মাৰ্চ::-অসমৰ জনপ্ৰিয় বাঁহী আৰু চেক্স’ফোন বাদক সঞ্জীৱ ৰাভা দুৰ্ঘটনাত পতিত হৈ মৃত্যুৰ সৈতে যুঁজিছে মহানগৰীৰ এখন ব্যক্তিগত চিকিৎসালয়ত।আৰ্থিক ভাৱে দুৰ্বল শিল্পীগৰাকীক সহায় কৰিবলৈ আজি দান পাত্ৰ হাতত লৈ একাংশ শিল্পী নামিল বকোৰ ৰাজপথত।প্ৰাপ্ত খবৰ অনুসৰি যোৱা ৮ মাৰ্চৰ নিশা উত্তৰ গুৱাহাটীত সংগীতানুষ্ঠান সামৰি গৃহাভিমুখে ৰাওনা হৈছিল জনপ্ৰিয় বাঁহী আৰু চেক্স’ফোন বাদক সঞ্জীৱ ৰাভা।সেই সময়ত ছয়গাঁৱৰ গোৱৰ্ধনত সংঘটিত হৈছিল এক ভয়াৱহ পথ দুৰ্ঘটনা।শিল্পী সঞ্জীৱৰ বাইকৰ সৈতে সংঘৰ্ষ হৈছিল এখন ট্ৰাকৰ।দুৰ্ঘটনাত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত শিল্পী সঞ্জীৱ ৰাভাক ততাতৈয়াকৈ ভৰ্তি কৰা হৈছিল গুৱাহাটীৰ ব্যক্তিগত চিকিৎসালয় নেমকেয়াৰ হাস্পাতালত।মুৰত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত সঞ্জীৱ ৰাভা বৰ্তমান নেমকেয়াৰ ICUত চিকিৎসাধীন।আৰ্থিকভাৱে দূৰ্বল সঞ্জীৱৰ পৰিয়ালৰ এতিয়া শিল্পীগৰাকীক উন্নত চিকিৎসা কৰিবলৈ অসমৰ্থ।সেয়ে সোমবাৰে বকোৰ এদল শিল্পীয়ে দান পাত্ৰ হাতে হাতে লৈ নামিল বকোৰ ৰাজপথত। সুধাকণ্ঠৰ গান গাই ৰাইজক শিল্পীগৰাকীক সহায় কৰিবলৈ আহ্বান জনাই শিল্পী সমাজে। শিল্পী সঞ্জীৱ ৰাভাৰ Gpay No-8638938724 নাইবা ALLAHABAD BANK AC NO 50403201313 IFSC – ALLA0211662 ত আপুনিও যৎকিঞ্চিত হলেও সহায় আগবঢ়াব পাৰে।

You might also like