নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বকোৰ বৰুৱাগাঁৱৰ শুক্টাটাৰীত কৱৰস্থানৰ আধাৰশিলা স্থাপন

নিয়মীয়া বাৰ্তা, ১৭ মার্চ: কামৰূপ জিলাৰ বকো বিধানসভা সমষ্টিৰ অন্তৰ্গত বৰুৱাগাওঁ গাওঁ পঞ্চায়তৰ অন্তৰ্গত শুক্টাটাৰীত আজি ৰাজহুৱা কৱৰস্থান উন্নয়ণৰ কামৰ আধাৰশিলা স্থাপন কৰা হয়।জানিব পৰা মতে ; পঞ্চায়ত খনৰ ২০২২ -২৩ বিত্তীয় বৰ্ষৰ পুঁজিৰে আবন্টিত ন লাখ পছিশ হাজাৰ আঠশ পচানব্বৈ টকা ব্যয়েৰে শুক্টাটাৰীত ৰাজহুৱা কৱৰস্থানৰ কামৰ আনুষ্ঠানিকভাৱে আধাৰশিলা স্থাপন কৰে বৰুৱাগাওঁ পঞ্চায়তৰ সভাপতি আক্ৰাম হুছেইনে। অনুষ্ঠানটিত কৱৰস্থান পৰিচালনা সমিতিৰ সভাপতি আজিজুৰ ৰহমান আৰু সম্পাদক আমজেদ আলিয়ে কয় যে ৰাজহুৱাভাৱে সমাজত কৱৰস্থানৰ অত্যন্ত দৰকাৰ। বৰুৱাগাওঁ পঞ্চায়তৰ শুক্টাটাৰীৰ ৰাইজে এই আঁচনিখনৰ দ্বাৰা বহুত উপকৃত হব। আধাৰশিলা স্থাপন অনুষ্ঠানত বৰুৱাগাওঁ গাওঁ পঞ্চায়তৰ উপ- সভানেত্ৰী মৰ্জিনা বেগম ; গ্ৰাম ৰোজগাৰ সহায়ক আফাজ উদ্দিন আহমেদ,আঞ্চলিক সদস্য হজৰত আলী, পঞ্চায়ত সচিব হুমায়ুন কবীৰ,সমাজকৰ্মী আলহাজ চিৰাজুদ্দিন আহমেদ, জাকিৰ হুছেইন,জয়নাল আলী,মচুৰুদ্দিন আলী ; বাহানুদ্দিন আহমেদৰ উপৰিও অঞ্চলটোৰ বহু সংখ্যক বিশিষ্ট ব্যক্তি সকলে উপস্থিত থাকে।

প্ৰেৰক – বকোৰ পৰা বিষ্ণু ৰাম দাস।

You might also like